অসম

assam

AASU Protest in Gerukamukh: গেৰুকামুখত NHPCৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ

By

Published : Oct 15, 2022, 4:49 PM IST

শনিবাৰে 2000 মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত গেৰুকামুখতস্থিত NHPC ৰ মূল প্ৰৱেশদ্বাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে (AASU protest against NHPC) ৷ প্ৰায় তিনি শতাধিক প্ৰতিবাদীয়ে ‘NHPC গ’ বেক’, ‘বিজেপি চৰকাৰ হুচিয়াৰ’ আদি বিভিন্ন চৰকাৰৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কপাঁই তোলে ৷

AASU protest against  NHPC lower Subansiri Dam
গেৰুকামুখত NHPCৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ

ধেমাজি, 15 অক্টোবৰ: বহু বিৰ্তকিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সংঘটিত হৈছে এটাৰ পিছত আনটো ঘটনা ৷ গেৰুকামুখস্থিত এই দুহেজাৰ মেগাৱাট সম্পন্ন জলবিদ্যুৎ প্ৰকল্পই সম্প্ৰতি আতংকৰ সৃষ্টি কৰিছে ৷ এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ ভয়ত কম্পমান লখিমপুৰ, ধেমাজি, মাজুলীকে ধৰি নামনি অসম ৷

গেৰুকামুখত NHPCৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ আছুৰ

বিগত কিছুদিন ধৰি চলা নেৰানেপেৰা বৰষুণৰ সৃষ্টি হৈছে ভূমিস্খলনৰ (NHPC Lower Subansiri Dam) ৷ তচনচ হৈ পৰিছে বিৰ্তকিত জলবিদ্যুৎ প্ৰকল্পটোৰ ডাইভাৰ্চন টানেল আৰু পথ (Landslide damages NHPC lower Subansiri Dam) ৷ প্ৰকৃতি যেন বাৰে বাৰে ৰুষ্ট হৈ পৰিছে গেৰুকামুখৰ NHPC ৰ ওপৰত ৷ বিগত কিছুদিনৰ পৰা এনেধৰণৰ অথন্তৰ ঘটিয়েই আছে (Lower Subansiri Hydropower Poject) ৷ কেতিয়াবা যদি টানেলৰ ছাদ খহি শ্ৰমিক মৰিছে, কেতিয়াবা আৰু বিদ্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু ঘটিছে ৷

এনেবোৰ তথ্য পোহৰলৈ অহাৰ পাছতে আতংকিত হৈ পৰিছে লখিমপুৰ, ধেমাজি, মাজুলীৰ নৈপৰীয় ৰাইজ ৷ কাৰণ কেতিয়াবা এই দুৰ্যোগবোৰৰ ফলতেই নিঃশেষ হ’ব সকলো ৷ যাৰ বাবে শনিবাৰে 2000 মেগাৱট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ কৰাৰ দাবীত গেৰুকামুখতস্থিত NHPC ৰ মূল প্ৰৱেশদ্বাৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আছুৱে (AASU protest against NHPC) ৷

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ধেমাজি ,লখিমপুৰ ,ডিব্ৰুগড় ,মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া আৰু বিশ্বনাথ জিলাৰ পৰা আহি সমবেত হোৱা প্ৰায় তিনি শতাধিক প্ৰতিবাদীয়ে ‘NHPC গ’ বেক’, ‘বিজেপি চৰকাৰ হুচিয়াৰ’ আদি বিভিন্ন চৰকাৰৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে ৷

প্ৰতিবাদথলীত উপস্থিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি 2010 চনত বিজেপিৰ শীৰ্ষ নেতা ৰাজনাথ সিং অসমলৈ আহি NHPC ৰ বিৰোধিতা কৰিছিল বুলি মন্তব্য কৰে ৷ আনকি 2014 চনত নৰেন্দ্ৰ মোদীয়ে অৰুণাচললৈ আহি খোদ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰোধিতা কৰিছিল ৷

কিন্তু শাসনত আহিয়েই বিশেষজ্ঞই বাৰে বাৰে বাধা দিয়া স্বত্বেও কি যুক্তিত খৰখেদা কৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো নিৰ্মাণৰ বাবে উঠি-পৰি লাগিছে মোদী নেতৃত্বাধীন চৰকাৰখনে? তাক লৈ প্ৰশ্ন উত্থাপন কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ৷ লগতে NHPC বন্ধ নকৰা পৰ্যন্ত আছুৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি তীব্ৰ হুংকাৰ দিয়ে সাধাৰণ সম্পাদকগৰাকীয়ে ৷

লগতে পঢ়ক:পুনৰ ৰুষ্ট প্ৰকৃতি: ভূমিস্খলনৰ ফলত তচনচ হৈছে গেৰুকামুখৰ NHPC

ABOUT THE AUTHOR

...view details