জোনাই, ৬ মে' : অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা (massive landslide in Arunachal Pradesh) । এই ভয়ংকৰ ভূমিস্খলনত অসমৰ অতিকমেও চাৰিজন শ্রমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে (Assam worker died in Arunachal landslide) । জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং জিলাত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা (landslide in upper siang of Arunachal) ।
ইংকিয়াং-টুটিং ৰোডৰ মচিং গাঁৱত হোৱা এই ভয়াৱহ ভূমিস্খলনৰ ফলত অৰুণাচলত পথ নিৰ্মাণ কাৰ্যত জড়িত থকা অসমৰ ৪ জন শ্ৰমিকৰ মৃত্যু হয় । শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা শ্ৰমিককেইজন পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল । উল্লেখ্য, ভূমিস্খলনৰ ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে শ্রমিককেইজন জীৱন্তে সমাধিস্থিত হয় । ভূমিস্খলন সংঘটিত হোৱাৰ সময়ত শ্ৰমিককেইজন পথৰ কাষৰ অস্থায়ী শিবিৰত শুই আছিল । উল্লেখ্য যে বিগত পাঁচদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ বাবেই এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে । অঞ্চলটোত বিগত পাঁচ দিন ধৰি নেৰেনেপেৰা বৰষুণ হৈ থকাৰ বাবে টুটিং অঞ্চলৰ বহিঃজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে ।