অসম

assam

আলহীক মাংসৰ সৈতে ভাত খুৱাই এঘৰীয়া হ’ল দৰঙৰ এটা পৰিয়াল

By

Published : Sep 20, 2022, 7:47 PM IST

Updated : Sep 20, 2022, 10:41 PM IST

আলহীক মাংসৰ সৈতে ভাত খুৱাই এঘৰীয়া হ’ল দৰঙৰ এটা পৰিয়াল

সংকীৰ্ণ সমাজৰ বলি হ’ল দৰঙৰ এটা পৰিয়াল ৷ ঘৰলৈ অহা আলহীক মাংসৰ সৈতে ভাত খুওৱাৰ বাবেই শংকৰদেৱ সংঘই এঘৰীয়া কৰিলে পৰিয়ালটোক (Social exclusion in Darrang)৷

দৰং, 20 ছেপ্টেম্বৰ: কাৰণ বিভিন্ন যদিও ফলাফল এঘৰীয়া ৷ কেতিয়াবা যদি ব্ৰইলৰ মুৰ্গী পোহাৰ বাবে, কেতিয়াবা অন্য কুলৰ পাত্ৰ অথবা পাত্ৰীৰ লগত বিবাহ সম্পন্ন কৰাৰ বাবে ৷ অধুনিকতাৰ শিখৰত উপনীত হোৱা বিশ্বত এচাম ঠেক মনোবৃত্তিৰ লোকে সংঘটিত কৰি আহিছে নিকৃষ্ট কাণ্ড ৷ এইবাৰ আকৌ আলহীক মাংসৰে আপ্যায়ন কৰাৰ বাবে এঘৰীয়া হ’ল এটা পৰিয়াল(Social exclusion in Darrang) ৷

মাছ-মাংস খোৱাৰ বাবেই এঘৰীয়া হ’বলগীয়া হ’ল দৰঙৰ কলাইগাঁৱৰ সমীপৰ ঔতলা অহকা গাঁৱৰ এটি পৰিয়াল । সমাজৰ দৃষ্টিত গুৰুতৰ হিচাবে পৰিগণিত অপৰাধটো হ’ল ঘৰলৈ অহা আলহীক ভাতৰ লগত মাছ-মাংসৰে আপ্যায়ন কৰা ৷ আলহীক আমিষ আহাৰেৰে আপ্যায়ন কৰাৰ খবৰটো ইকানে-সিকানে গৈ গাঁওখন মুৰব্বীৰ ওচৰ পাইছিলগৈ ৷ ইয়াৰ পাছতেই এঘৰীয়া হ’বলগীয়া হ’ল পৰিয়ালটোক (Exclusion by Sankaradeva Sangha in Darrang)৷

আলহীক মাংসৰ সৈতে ভাত খুৱাই এঘৰীয়া হ’ল দৰঙৰ এটা পৰিয়াল

উল্লেখ্য যে, ঔতলা অহকা গাঁওখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ(Srimanta Sankaradeva Sangha) পূৱ অহকা প্ৰাথমিক শাখাৰ অধীনত । গাঁওখনৰ নিবাসী ধনেশ্বৰ ডেকাৰ ঘৰত মঙলবাৰে আছিল বছৰেকীয়া সেৱা । সেৱালৈ শংকৰ সংঘৰ পূব অহকা প্ৰাথমিক শাখাৰ বিষয়ববীয়াসকলক নিমন্ত্ৰণ জনোৱা হৈছিল যদিও ধনেশ্বৰ ডেকাৰ ঘৰত সংঘৰ অন্তৰ্গত কোনো লোক উপস্থিত নহ’ল ।

ইয়াৰ পৰিৱৰ্তে পৰিয়ালটোক জানিবলৈ দিয়া হ’ল যে ইতিমধ্যে এঘৰীয়া কৰা হৈছে ধনেশ্বৰ ডেকাৰ পৰিয়ালক ৷ শংকৰদেৱ সংঘৰ পূৱ অহকা শাখাৰ মতে ধনেশ্বৰ ডেকাৰ পৰিয়ালে হেনো নীতি বহিৰ্ভূত কাম কৰিছে ঘৰৰ ভিতৰত মাছ-মাংসক স্থান দি ৷ যাৰ বাবে এতিয়া এঘৰীয়া হৈছে এই পৰিয়ালটো (Exclusion for treat with meat in Darrang)।

লগতে পঢ়ক:ভিক্টৰ দাসৰ নিলম্বন সন্দৰ্ভত প্ৰতিক্ৰিয়া শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ

Last Updated :Sep 20, 2022, 10:41 PM IST

ABOUT THE AUTHOR

...view details