অসম

assam

মঙলদৈত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 6:45 AM IST

বৃহস্পতিবাৰে দৰঙৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মঙলদৈ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ।

Mangaldoi Assembly Constituency
মঙলদৈত বিধানসভা সমষ্টি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

মঙলদৈত বিধানসভা সমষ্টি পৰ্যায়ৰ অসম সাংস্কৃতিক মহাসংগ্ৰামৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান

দৰং, 8 ডিচেম্বৰ : সাংস্কৃতিক ক্ষেত্ৰত চহকী অসম ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰেদৰঙৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাংস্কৃতিক মহাসংগ্ৰামৰ মঙলদৈ বিধানসভা সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰা হয় । এই অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে ৷

দৰঙৰ বৈশিষ্ট্যপূৰ্ণ সাংস্কৃতিক ঐতিহ্যৰ কথা উল্লেখ কৰি তেওঁ এই সমষ্টিৰ পৰা ক্ৰমান্বয়ে জিলা আৰু ৰাজ্যিক পৰ্যায়তো নৱপ্ৰজন্মৰ শিল্পীয়ে সুনাম অৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰে । লগতে এই অনুষ্ঠানত উপস্থিত থাকে জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই ৷

আয়ুক্তগৰাকীয়ে ভাষণ প্ৰদান কৰি কয় যে, অসম সাংস্কৃতিক মহাসংগ্ৰামত সমষ্টি পৰ্যায়লৈকে নিৰ্বাচিত হৈ অহা শিল্পীসকলৰ মাজৰ পৰাই জিলা আৰু ৰাজ্যিক পৰ্যায়ত সফলতা লাভ কৰা শিল্পী ওলাব । নৱপ্ৰজন্মই দৃঢ় সংকল্প, উৎসৰ্গিত মন আৰু নিষ্ঠাৰে সৈতে আগবাঢ়ি গ'লে সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ৷ এনে অনুষ্ঠানে নৱপ্ৰজন্মক ভৱিষ্যতে বহু উপকৃত কৰিব ৷

ইয়াৰোপৰি এই অনুষ্ঠানত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাসে নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্তৰ গীতৰ উদ্ধৃতিৰে সাংস্কৃতিক মহাসংগ্ৰামৰ অংশগ্ৰহণকাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰে । এই অনুষ্ঠানত গীতিকাৰ প্ৰভাত চৌধুৰী, শিল্পী চন্দ্ৰশেখৰ ৰয়ক সম্বৰ্ধনা জনোৱা হয় ।

এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকা, সাংস্কৃতিক মহাসংগ্ৰামৰ সমষ্টি পৰ্যায়ৰ সমিতিৰ সভাপতি দ্বিজেন্দ্ৰ মোহন দেৱশৰ্মা, অতিৰিক্ত জিলা আয়ুক্ত উপাসনা দত্ত, জিলা সাংস্কৃতিক বিষয়া ধনদা দাস হাজৰিকা, প্ৰতিযোগীসকল, ছাত্ৰ-ছাত্ৰী, সাংস্কৃতিক কৰ্মী, বিশিষ্ট নাগৰিক আৰু সংস্কৃতিপ্ৰেমী ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক :12 ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা

ABOUT THE AUTHOR

...view details