মঙলদৈ, 1 ডিচেম্বৰ: দৰঙত আন্তঃৰাষ্ট্ৰীয় শিশু দত্তক গ্ৰহণ মাহ পালন (International adoption Month) ৷ দৰং জিলাৰ শিশু সুৰক্ষা গোটৰ উদ্যোগত আৰু জিলা প্ৰশাসন তথা ক্ৰিষ্টেল ভিজনৰ দ্বাৰা পৰিচালিত বিশেষ দত্তক গ্ৰহণ অভিকৰণৰ সহযোগত বুধবাৰে মঙলদৈস্থিত জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় শিশু দত্তক গ্ৰহণ মাহ পালন কৰা হয় (District library of Darrang) ।
শিশু দত্তক গ্ৰহণ মাহ উপলক্ষে অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা ৷ সভাখনত উপস্থিত থাকি উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই কয় যে শিশুৰ দত্তক গ্ৰহণ ব্যৱস্থাত আইনৰ বিভিন্ন প্ৰক্ৰিয়া আছে, যদিও ই বৰ্তমান সময়ত সৰলীকৰণ হৈছে । তৃণমূল পৰ্যায়ৰ কৰ্মীসকল অৰ্থাৎ আশাকৰ্মী আৰু অংগনৱাড়ী কৰ্মীসকলক শিশু দত্তক গ্ৰহণ ব্যৱস্থাৰ এক ইতিবাচক বাৰ্তা সমাজলৈ কঢ়িয়াই নিবলৈ আহ্বান জনায় (International Child Adoption Month) ৷
উপায়ুক্তগৰাকীয়ে লগতে কয় যে সজাগতাৰ অভাৱৰ বাবেই সমাজত এতিয়াও আইনী প্ৰক্ৰিয়াৰে শিশু দত্তক গ্ৰহণ ব্যৱস্থা পিচ পৰি আছে ৷ সুস্থ সন্তান দত্তক গ্ৰহণ কৰাৰ দৰে বিশেষভাৱে সক্ষম শিশুকো দত্তক গ্ৰহণ কৰিবলৈ আহ্বান জনায় । সকলো শিশুৱে যাতে সুন্দৰ পৰিৱেশ পায়, ভাল পৰিৱেশত ডাঙৰ দীঘল হ’ব পাৰে তাৰে কামনা কৰে বুলিও উল্লেখ কৰিলে উপায়ুক্তগৰাকীয়ে । তেওঁ সংশ্লিষ্ট সকলো বিভাগকে চৰকাৰী আঁচনিসমূহ ৰাইজৰ মাজলৈ সহজ অৰ্থত প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ আহ্বান জনায় ।
দৰঙত আন্তঃৰাষ্ট্ৰীয় শিশু দত্তক গ্ৰহণ মাহ পালন ইফালে সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি মঙলদৈ আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ লুতফুৰ জামানে কিশোৰ ন্যায় (যতন আৰু সুৰক্ষা) আইনৰ অধীনত 'কাৰা' জৰিয়তে অনলাইন পদ্ধতিৰে হোৱা দত্তক গ্ৰহণৰ নিয়মৰ ক্ষেত্ৰত শেহতীয়া সংশোধনীৰ বিষয়ে উল্লেখ কৰে । তেওঁ কয় যে নিদিষ্ট সময়ৰ ভিতৰত জটিলতা নোহোৱাকৈ যাতে এটি শিশুৱে পিতৃ-মাতৃ লাভ কৰে তাৰ বাবে সংশোধন কৰা হৈছে আইন । নিদিষ্ট ৱেবচাইটৰ জৰিয়তে আবেদন দাখিল কৰি কেনেকৈ শিশুৰ দত্তক গ্ৰহণ কৰিব পাৰি তাৰ বিষয়েও অৱগত কৰে অধ্যাপকগৰাকীয়ে । তেওঁ দম্পতীৰ বয়স অনুযায়ী কিমান বয়সৰ শিশু দত্তক গ্ৰহণ কৰিব পাৰি সেই বিষয়েও বহলাই বুজাই কোৱা পৰিলক্ষিত হয় ।
আনফালে দৰং জিলাৰ অতিৰিক্ত উপায়ুক্ত পল্লৱী কছাৰীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি কয় যে যিসকল দম্পতীৰ সন্তান নাই তেওঁলোকে আইনগতভাৱে দত্তকত গ্ৰহণ কৰিব পাৰে ৷ আন্তঃৰাষ্ট্ৰীয় লোকসকলে নিজৰ সন্তান থকাৰ পিছতো বিশেষভাৱে সক্ষম শিশুকো তুলি লোৱা দেখা যায়, কিন্তু আমাৰ এনে মনোভাৱ মাজত দেখা পোৱা নাযায় (Adoption Month celebrated in Darrang) ।
বিশিষ্ট শিক্ষাবিদ তথা শিশু কল্যাণ সমিটিৰ অধ্যক্ষ ড৹ বুদ্ধিন হাজৰিকাই সভাপতিৰ ভাষণত কেনেকৈ এটি শিশুৰ সামগ্ৰিক বিকাশ কৰিব পাৰি সেই বিষয়ে অৱগত কৰে । সভাত স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য চিকিৎসা ও (পৰিয়াল কল্যাণ) স্বাস্থ্য বিষয়া ডাঃ এন কে বেৰিয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক কুঞ্জলাল পাটৰ, দৰং জিলাৰ একমাত্ৰ বিশেষ দত্তক গ্ৰহণ অভিকৰণৰ মুখ্য কাৰ্যবাহী ময়ুখ গোস্বামীয়ে ভাষণ প্ৰদান কৰে । অনুষ্ঠানত বিষয় সন্দৰ্ভত কিছু ভিডিঅ, ছবি আদি প্ৰদৰ্শন কৰাৰ লগতে দত্তক গ্ৰহণ কৰা আৰু দত্তক গ্ৰহণৰ বাবে পঞ্জীয়ণ কৰা দম্পতীক গামোচাৰে সম্ভাষণ জনোৱা হয় ।
লগতে পঢ়ক:International Adoption Month : তেজপুৰত আন্তৰ্জাতিক দত্তক মাহ পালন