অসম

assam

পিতৃৰ পৰা 50 হাজাৰ টকা আনি নিদিয়াৰ বাবে পত্নীক ব্লেডেৰে আঘাত নাছিৰৰ

By

Published : Oct 31, 2021, 9:51 PM IST

খাৰুপেটীয়াৰ আৰিমাৰী গাঁৱত নিজ পত্নীক অকথ্য নিৰ্যাতন স্বামীৰ ৷ শৰীৰৰ বিভিন্ন অংগত ব্লেডেৰে আঘাত । নিশাৰ অন্ধকাৰত পেলাই থৈ যোৱাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ।

domestic-violence-for-dowry-in-kharupetia
পিতৃৰ পৰা 50 হাজাৰ টকা আনি নিদিয়াৰ বাবে পত্নীক ব্লেডেৰে আঘাত নাছিৰৰ

দলগাঁও, 31 অক্টোবৰ : পুনৰ গাৰ্হস্থ্য হিংসাৰ অন্য এক ঘটনা পোহৰলৈ আহিছে এইখন অসমৰে খাৰুপেটীয়াৰ আৰিমাৰি গাঁৱত । অভিযোগ অনুসৰি , খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং আৰিমাৰী গাঁৱৰ এগৰাকী যুৱতীৰ লগত শ্যামপুৰ গাঁৱৰ লালচান আলীৰ পুত্ৰ নাছিৰ উদ্দিনৰ বিবাহ প্ৰায় তিনি মাহ পূৰ্বে সামাজিক ভাৱে সম্পন্ন হয় । আশাকৰা হৈছিল সুখেৰে চলিব দুয়োৰে ঘৰ-সংসাৰ ৷

পিছে ঘৰ সংসাৰ চলি থকাৰ মাজতেই কিছু দিন পূৰ্বে নাছিৰ উদ্দিনে পত্নী গৃহৰ পৰা ৫০ হাজাৰ টকা যৌতুক হিচাপে দাবী কৰে । পতিক এই ধন দিবলৈ ৰাজি হোৱা নাছিল পত্নী গৰাকী ৷ এই কথাতে ক্ষোভিত হৈ পৰে স্বামী নাছিৰ উদ্দিন ৷ অৱশেষত টকা নিদিয়াৰ বাবে শুকুৰবাৰে নিশা পত্নীৰ ওপৰত চলায় অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই নাছিৰ উদ্দিনে ।

অভিযোগ অনুসৰি নাছিৰে নিজ পত্নীক হাত ভৰি বান্ধি মুখত কাপোৰ গুজি দি মাৰপিট কৰাৰ লগতে শৰীৰৰ বিভিন্ন অংগত ব্লেডেৰে আঘাত কৰে । ইমানতেই যেন ক্ষান্ত হোৱা নাছিল নাছিৰ আনকি কেৰাচিনিৰে পত্নীগৰাকীক জ্বলাই দিয়াৰো অপচেষ্টা কৰে পতিয়ে । ইয়াৰ পিছত পত্নীৰ মৃত্যু হোৱা বুলি ভাবি নিশাৰ আন্ধাৰত নাছিৰে পত্নী গৰাকীক পেলাই থৈ যায় শ্যামপুৰ গাঁৱৰ পিতৃ গৃহত ।

পুৱা পৰিয়ালৰ লোকে হাত ভৰি বান্ধি থোৱা অৱস্থাত নিজ কন্যাক দেখা পাই আৰক্ষীক খবৰ দিয়ে । খৱৰৰ ভিত্তিত শ্যামপুৰ আৰক্ষী থানাৰ এটি দল ঘটনাস্থলিত উপস্থিত হৈ নিৰ্যাতিতা মহিলা গৰাকীক চিকিৎসাৰ বাবে খাৰুপেটীয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে ।‌ ঘটনা সন্দৰ্ভত শ্যামপুৰ আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰে নিৰ্যাতিতাৰ পৰিয়ালে । ইতিমধ্যে এই এজাৰৰত ভিত্তিত আৰক্ষীয়ে নাছিৰ উদ্দিনক আটক কৰিছে ৷

লগতে পঢ়ক :যমজ ভাতৃ নিতুমণি-নিকুমণিৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details