অসম

assam

দৰঙত শিশু খাদ্যৰ নামত বৃহৎ কেলেংকাৰী

By

Published : Mar 12, 2022, 8:48 PM IST

দৰঙত শিশু খাদ্যৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ (child food scam in Darrang)। পূৱ মঙ্গলদৈ সংহৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয় পৰি ৰ'ল শিশু খাদ্য । যোগানধাৰীৰ পৰা খাদ্য সামগ্ৰীবোৰ চমজি নল'লে অংগনৱাদী কৰ্মীসকলে ।

huge-scam-in-child-food-at-darrang
দৰঙত শিশু খাদ্যৰ নামত বৃহৎ কেলেংকাৰী

দৰং, 12 মাৰ্চ : শিশু খাদ্যৰ নামত বৃহৎ কেলেংকাৰী (child food scam in Darrang) ৷ পূৱ মঙলদৈ সংহত শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়তে পৰি থাকিল শিশুৰ নামত অহা খাদ্য । যি সময়ত বি জে পি চৰকাৰে ছিণ্ডিকেট বন্ধ কৰাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, তেনেসময়তে দৰঙৰ সমাজকল্যাণ বিভাগত শিশু খাদ্যৰ নামত এক বৃহৎ কেলেংকাৰীৰ অভিযোগ উত্থাপিত হৈছে । দৰং জিলাত প্ৰথমবাৰৰ বাবে অংগনৱাড়ী কেন্দসমূহলৈ ঠিকাদাৰৰ জৰিয়তে যোগান ধৰা হৈছিল শিশুৰ খাদ্য ।

দৰঙত শিশু খাদ্যৰ নামত বৃহৎ কেলেংকাৰী

অভিযোগ অনুসৰি, দৰং জিলা সমাজকল্যাণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত প্ৰলৱী কছাৰীয়ে বৃহত কমিচনৰ অংকত কোনো নিবিদা অবিহনে প্ৰথমবাৰৰ বাবে অংগনৱাদী কেন্দসমূহলৈ ঠিকাদাৰৰ জৰিয়তে যোগান ধৰিছিল শিশুৰ খাদ্য (Child food supplied by social welfare department) ৷ তেনেসময়তে যোগানধাৰীয়ে একেবাৰে নিম্নমানৰ খাদ্য যোগান ধৰাত অংগনৱাড়ী সহায়িকা কৰ্মীসকলে চমজি নল'লে খাদ্য সামগ্ৰীবোৰ ।

সেয়ে পূৱ মঙলদৈ সংহৰ শিশু উন্নয়ন বিষয়াৰ কাৰ্যালয়তে পৰি ৰ'ল শিশুৰ খাদ্যৰ সামগ্ৰীসমূহ । ইয়াকে লৈ সম্প্ৰতি জাঙুৰ খাই উঠিছে অংগনৱাড়ী কৰ্মীসকলৰ লগতে জিলাখনৰ দল সংগঠনসমূহ ।

লগতে পঢ়ক :বিভিন্ন দাবীৰে বিভাগীয় সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ অংগনৱাড়ী সহায়িকা ইউনিয়নৰ

ABOUT THE AUTHOR

...view details