ETV Bharat / state

বিভিন্ন দাবীৰে বিভাগীয় সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ অংগনৱাড়ী সহায়িকা ইউনিয়নৰ

author img

By

Published : Nov 26, 2021, 5:16 PM IST

বিগত সময়ত অংগনৱাড়ী সহায়িকাসকলে সন্মুখীন হৈ অহা সমস্যা সমূহ সমাধানৰ দাবীত নগাঁও জিলা সমিতিৰ বিষয়াৰ জৰিয়তে অংগনৱাড়ী সহায়িকা ইউনিয়নৰ সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ(Memorandum sent by Anganwadi Assistance Association) ৷

memorandum-sent-to-director-of-assam-state-anganwadi-assistance-union
বিভাগীয় সঞ্চালকলৈ অঙ্গনৱাড়ী সহায়িকা ইউনিয়নৰ স্মাৰক পত্ৰ প্ৰেৰণ

চামগুৰি, 26 নৱেম্বৰ : নগাঁৱত অসম ৰাজ্যিক অংগনৱাড়ী সহায়িকা ইউনিয়নৰ নগাঁও জিলা সমিতিৰ বিষয়াৰ জৰিয়তে সঞ্চালকলৈ স্মাৰক পত্ৰ প্ৰেৰণ(Memorandum sent to Director of Assam State Anganwadi Assistance Union) ৷ বিগত সময়ত অংগনৱাড়ী সহায়িকাসকলে নানান সমস্যাৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে ৷ কিন্তু এই সমস্যাবোৰ সমাধানৰ বাবে নগাঁও জিলাৰ সমাজ কল্যাণ বিভাগৰ বিষয়া ওচৰত বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছিল যদিও আজি পর্যন্ত সমস্যাবোৰ সমাধান নোহোৱাৰ অভিযোগ উঠিছে ৷

অৱশেষত বৃহস্পতিবাৰে অসম ৰাজ্যিক অংগনৱাড়ী সহায়িকা ইউনিয়নৰ নগাঁও জিলা সমিতিৰ অংগনৱাড়ী সহায়িকাসকলে তেওঁলোকৰ সমস্যাবোৰ দূৰ কৰাৰ বাবে শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা সমাজ কল্যাণ বিষয়াৰ জৰিয়তে সঞ্চালকলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে(Memorandum sent by Anganwadi Assistance) ।

তেওঁলোকে সঞ্চালকলৈ স্মাৰক পত্ৰযোগে সহায়িকাসকলৰ 45 বছৰ হ’লে পদোন্নতি নোহোৱা বাধা নিষেধ শীঘ্ৰে প্রত্যাহাৰ কৰা, অংগনৱাড়ী কেন্দ্ৰত কৰ্মীপদ খালী হ’লে কৰ্মৰত সহায়িকা গৰাকীক বিনাসাক্ষাৎকাৰে উক্ত পদলৈ পদোন্নতি দিয়া ব্যৱস্থা কৰাৰ দাবী জনায় ৷ লগতে খালী হোৱা সহায়িকা পদত অংগনৱাড়ী কৰ্মীৰ পৰিয়ালৰলোকক নিযুক্তি(Appointment of Anganwadi families)দিয়াৰো দাবী তোলে ।

60 বছৰ হোৱাৰ লগে লগে কৰ্মী, সহায়িকাক অৱসৰ দি পেঞ্চন দিয়া(Pension given to Anganwadi workers)ৰ ব্যৱস্থা কৰাৰ লগতে আঁচনিভুক্ত কৰ্মচাৰীসকলক চৰকাৰী কৰ্মচাৰীৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে কৰ্মী সকলে । ইয়াৰ লগতে অংগনৱাড়ী সহায়িকাসকলক কৰ্মীসকলৰ মাননিৰ 80% দিয়াৰ ব্যৱস্থা কৰা আৰু ক'ভিডৰ বাবে সহায়িকাসকলে সন্মুখীন হোৱা পৰিস্থিতিকলৈ মোকাবিলা কৰিবলৈ 5000 টকাকৈ প্ৰতিগৰাকীক এককালীন আর্থিক সাহাৰ্য প্ৰদান কৰা আদি দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক : নগাঁও জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী উদযাপন সাধাৰণ সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.