অসম

assam

ব্যৱসায়ীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় ঘাইপথৰ পদপথ‌ দখল কৰাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 5:08 PM IST

খাৰুপেটীয়াত পুঁজিপতিৰ মইমতালি‌ ৷ বাঁহ বান্ধি দখল কৰিলে‌ ৰাষ্ট্ৰীয় ঘাইপথৰ পদপথ‌ । নীৰৱ প্ৰশাসন, পৌৰসভা ৷

Encroaching on Footpaths of National Highway
পুঁজিপতিৰ মইমতালি‌

ৰাষ্ট্ৰীয় ঘাইপথৰ পদপথ‌ দখল

দলগাঁও‌, 29 নবেম্বৰ : ৰাইজৰ যাতায়ত আৰু যান-জঁটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মাজে-সময়ে খাৰুপেটীয়া পৌৰসভাই প্ৰশাসনৰ দ্বাৰা পদপথ অবৈধ ভাবে দখল কৰি ব্যৱসায় কৰা সকলৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ ৰাইজৰ স্বাৰ্থত ‌প্ৰশাসনৰ এনে পদক্ষেপ নিঃসন্দেহে প্ৰশংসনীয় ৷ কিন্তু পৰিতাপৰ বিষয় যে দৰঙৰ খাৰুপেটীয়া কলেজ চকৰ পৰা নিমতলি দলঙলৈ পথৰ দুয়োকাষে এতিয়া একাংশই বেদখল কৰি ব্যবসায় চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত দৰং জিলা আয়ুক্তক দাখিল কৰা হৈছে অভিযোগ ৷ বিশেষকৈ খাৰুপেটীয়া থানাৰ পৰা মাত্ৰ কেইমিটাৰ মান দূৰত্বত অৱস্তিত ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানৰ বিপৰীতে অতি ব্যস্ত ঘাইপথৰ পদপথ এগৰাকী পুঁজিপতিয়ে দীৰ্ঘদিন ধৰি বেদখল কৰি নিজৰ সম্পত্তিৰ দৰে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ৷ এই 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এফালে বাঁহৰ জেওৰা আনফালে যান-বাহনৰ পাৰ্কিং স্থান ৷ ফলত ঠেক হৈ পৰিছে ‌পথচোৱাত দৈনিক সৃষ্টি হয় তীব্ৰ যান-জঁট ৷

দীৰ্ঘদিন ধৰি এগৰাকী ‌ ব্যবসায়ীয়ে নিজৰ ‌ব্যক্তিগত‌ লাভালাভৰ বাবে ৰাজহুৱা স্বাৰ্থ জলাঞ্জলি দি ৰাষ্ট্ৰীয় ঘাইপথৰ পদপথ দখল কৰি যান-বাহনৰ ‌লগতে পথচাৰী সকলক যান্ত্ৰণা দি অহাৰ পিছতো নিমাত ‌পৌৰ সভা তথা প্ৰশাসন ৷ উল্লেখযোগ্য যে মাজে-সময়ে পৌৰসভাই‌ প্ৰশাসনৰ দ্বাৰা খাৰুপেটীয়াৰ কেইবাটাও পথত জে চি বিৰে উচ্ছেদ চলাই ‌পদপথ সমূহ খালি কৰে যদিও এই ঠাইত থমকি ৰয় জে চি বি ৷ নহয় কোনো ধৰণৰ উচ্ছেদ, নচলে জে চি বি ৷ অবৈধভাৱে পদপথ দখল কৰি ব্যৱসায় চলোৱা এই সকল ব্যৱসায়ীৰ বিৰুদ্ধে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ৰাইজৰ মাজত এতিয়া চলিছে ব্যাপক চৰ্চা ৷ এই সকলৰ বিৰুদ্ধে প্ৰশাসন তথা পৌৰসভাই কোনো ধৰণৰ ব্যবস্থা গ্ৰহণ নকৰাক লৈ ৰাইজৰ মাজত উত্থাপিত হৈছে প্ৰশ্ন ৷

লগতে পঢ়ক :কঁকালৰ বিষ! বিধায়ক শ্বেৰমান আলীক বাটত নালাগে স্পীড ব্ৰেকাৰ; ৰাইজৰ পৰামৰ্শ লওক হেলিকপ্টাৰ

ABOUT THE AUTHOR

...view details