ETV Bharat / state

কঁকালৰ বিষ! বিধায়ক শ্বেৰমান আলীক বাটত নালাগে স্পীড ব্ৰেকাৰ; ৰাইজৰ পৰামৰ্শ লওক হেলিকপ্টাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 12:09 PM IST

Speed breaker broke on Barpeta baghbar road
বিধায়ক শ্বেৰমান আলীক হেলিকপ্টাৰেৰে যাতায়াত কৰিবলৈ পৰামৰ্শ ৰাইজৰ

পথৰ স্পীড ব্ৰেকাৰ ভাগি দিয়াক লৈ ক্ষোভিত হৈ পৰিছে বৰপেটাৰ জেইল ৰোডবাসী ৷ বিধায়ক শ্বেৰমান আলীৰ নিৰ্দেশ মৰ্মে মঙলবাৰে বৰপেটা-বাঘবৰ সংযোগী পথত থকা স্পীড ব্ৰেকাৰ ভাঙি দিলে লোক নিৰ্মাণ বিভাগে ৷ যাৰ বাবে বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰাইজে ৷

বিধায়ক শ্বেৰমান আলীক হেলিকপ্টাৰেৰে যাতায়াত কৰিবলৈ পৰামৰ্শ ৰাইজৰ

বৰপেটা, 29 নৱেম্বৰ : সাধাৰণতে পথত গতি ৰোধক বা স্পীড ব্ৰেকাৰ দিয়া হয় যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবে ৷ যাতে দুৰ্ঘটনা হ্ৰাস পায় ৷ কিন্তু পথত স্পীড ব্ৰেকাৰ থকাটো প্ৰয়োজনীয় বুলি অনুভৱ নকৰে অসমৰে এজন বিধায়কে ৷ আৰামদায়ক যাত্ৰা লাগে বিধায়কজনক ৷ যাৰ বাবে বৰপেটা-বাঘবৰ সংযোগী পথত থকা স্পীড ব্ৰেকাৰসমূহ ভাঙি দিবলৈ লোক নিৰ্মাণ বিভাগক নিৰ্দেশ দিলে বহু বিতৰ্কিত বিধায়ক শ্বেৰমান আলীয়ে ৷

বিধায়কৰ নিৰ্দেশ মৰ্মে লোক নিৰ্মাণ বিভাগৰ লোকে মঙলবাৰে বৰপেটা-বাঘবৰ সংযোগী পথৰ জেইল ৰোড অঞ্চল থকা স্পীড ব্ৰেকাৰসমূহ ভাগি পেলায় ৷ যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ নলগা জেঙত লাগি প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰি অহা বিধায়ক আলীৰ বিৰুদ্ধে ক্ষোভ উজাৰি ৰাইজে কয় যে, অঞ্চলটোত এখন প্ৰাথমিক বিদ্যালয় আৰু বি এড কলেজ আছে ৷

আনহাতে, বহুসময়ত উক্ত পথচোৱাত পথ পাৰাপাৰ হওঁতে ছাত্ৰ-ছাত্ৰীক খুন্দা মাৰে তীব্ৰবেগী বাহনে ৷ সেয়ে স্থানীয় ৰাইজৰ দাবীত উক্ত অঞ্চলোটত স্পীড ব্ৰেকাৰ নিৰ্মাণ কৰিছিল লোক নিৰ্মাণ বিভাগে ৷ ফলত দুৰ্ঘটনা হ্ৰাস পাইছিল, ছাত্ৰ-ছাত্ৰীসকলেও সহজে পথ পাৰ কৰিব পাৰিছিল বুলি উল্লেখ কৰে ৰাইজে ৷

স্থানীয় ৰাইজে কয়, ‘‘যাতায়ত আৰামদায়ক নোহোৱাৰ দোহাই দি লোক নিৰ্মাণ বিভাগক দুয়োটা স্পীড ব্ৰেকাৰ ভাঙি পেলোৱাৰ নিৰ্দেশ দিলে বিধায়কগৰাকীয়ে ৷ ৰাইজৰ সুবিধা-অসুবিধাৰ প্ৰতি লক্ষ্য নাৰাখি কেৱল নিজৰ স্বাৰ্থ বাবে বিধায়কগৰাকীৰ এই কৰ্ম ৷ স্পীড ব্ৰেকাৰ থকাৰ বাবে কঁকালৰ বিষ হোৱাৰ আশংকা কৰিছে বিধায়ক আলীয়ে ৷ কঁকালৰ বিষত ভোগাৰ আশংকা কৰা বিধায়ক শ্বেৰমানে হেলিকপ্টাৰেৰে যাতায়াত কৰক ৷’’

লগতে পঢ়ক: কলগাছিয়াৰ দাৱনদিয়াৰ পথ দুৰ্ঘটনাত আহত দুই যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.