অসম

assam

ছিপাঝাৰৰ গৰুখুটিৰ কৃষি প্ৰকল্প পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ

By

Published : Sep 28, 2021, 9:48 PM IST

মন্ত্ৰী অতুল বৰাই মঙলবাৰে দৰং জিলাৰ উপায়ুক্ত তথা প্ৰশাসনৰ অন্য বিষয়াসকলৰ সৈতে ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় ৷ গৰুখুটিত উপস্থিত হৈ মন্ত্ৰী বৰাই কয়, বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এই প্ৰকল্পৰ দ্বাৰা স্থানীয় বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব ৷

Agriculture Minister atul Bora visited Garukhuti agriculture project
ছিপাঝাৰৰ গৰুখুটিৰ কৃষি প্ৰকল্প পৰিদৰ্শন ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ

মঙলদৈ, ২৮ ছেপ্টেম্বৰ : অসম চৰকাৰৰ কৃষি, পশুপালন, অসম চুক্তি ৰূপায়ন দপ্তৰৰ মন্ত্ৰী অতুল বৰাই মঙলবাৰে দিনযোৰা কাৰ্যসূচীৰে দৰং জিলাত উপস্থিত হৈ জিলাখনৰ বিভিন্ন দিশৰ খতিয়ান লয় । পোনপ্ৰথমে তেওঁ জিলা উপায়ুক্ত তথা প্ৰশাসনৰ অন্য বিষয়াসকলৰ সৈতে ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনস্থ গৰুখুটি কৃষি প্ৰকল্পত উপস্থিত হৈ প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয় ৷

ছিপাঝাৰৰ গৰুখুটিৰ কৃষি প্ৰকল্প পৰিদৰ্শন ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ

গৰুখুটিত উপস্থিত হৈ মন্ত্ৰী বৰাই কয়, বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত এই প্ৰকল্পৰ দ্বাৰা স্থানীয় বহু শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰিবলৈ সক্ষম হ'ব ৷ এই প্ৰকল্পই ৰাজ্যখনে খাদ্য সামগ্ৰীৰ দিশত স্ব-নিৰ্ভৰশীলতা অৰ্জন কৰাৰ ক্ষেত্ৰত বহু দূৰ আগুৱাই যোৱাত সহায় কৰিব ।

লগতে পঢ়ক: অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত অনিয়ম : আটক তিনি আৰক্ষী বিষয়া

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে বেদখলকাৰীৰ কবলৰ পৰা চৰকাৰী মাটি সমূহ উদ্ধাৰ কৰা যি কাৰ্যসূচী হাতত লৈছে, সেয়া আগন্তুক দিনতো অব্যাহত থাকিব । ইয়াৰে পিছত তেওঁ গৰুখুটি ক্ষুদ্ৰ স্বাস্থ্যকেন্দ্ৰত উপস্থিত হৈ কেন্দ্ৰটোৰ আন্তঃগাঁথনিৰ বুজ লয় ।

তদুপৰি মন্ত্ৰীগৰাকীয়ে জল জীৱন মিছনৰ অধীনত দোসোতলী পানী যোগান আঁচনি, মঙলদৈ চহৰস্থিত মডেল টিকাকৰণ কেন্দ্ৰ, শান্তিপাৰা অংগনবাড়ী কেন্দ্ৰ আদি পৰিদৰ্শন কৰে । ভ্ৰমণসূচীৰ অন্তত মন্ত্ৰী অতুল বৰাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন তথা বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী সকলৰ হৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ।

লগতে পঢ়ক :অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী : আটক আৰক্ষী সহ 7 গৰাকী

উক্ত বৈঠকত কৃষি, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যাণ, মীন আদিকে কৰি বিভাগ সমূহে কাৰ্যকৰী কৰি থকা জনকল্যাণমূলক আঁচনি সমূহৰ খতিয়ান লয় । উক্ত বৈঠকত মন্ত্ৰী গৰাকীয়ে কৃষি বিভাগৰ বিষয়াসকলক পি.এম.কিছান, PMKSY আদিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।

কৃষকৰ সুবিধাৰ্থে প্ৰণয়ন কৰা আঁচনি সমূহ যাতে প্ৰকৃত হিতাধিকাৰীয়েহে উপভোগ কৰিবলৈ সক্ষম হয়, তাকো নিশ্চিত কৰিবলৈ বৈঠকত উপস্থিত কৃষি বিভাগৰ বিষয়াসকলক অনুৰোধ জনায় । মন্ত্ৰী গৰাকীয়ে বিষয়াসকলক এগ্ৰ' মাৰ্কেটিং ইত্যাদিৰ প্ৰতি অধিক গুৰুত্ব দিবলৈ কয় ।

লগতে পঢ়ক :চৰকাৰখনে এটা নিৰ্দ্দিষ্ট সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে : ৱাজেদ আলী চৌধুৰী

দৰঙৰ কিছু অঞ্চলত শাক-পাছলি উৎপাদনত অত্যাধিক মাত্ৰাত সাৰ আদি ব্যৱহাৰ হোৱাৰ কথা উল্লেখ কৰি কৃষি মন্ত্ৰী বৰাই জিলাখনত জৈৱিক সাৰৰ ওপৰত গুৰুত্ব দিবলৈ জিলা উপায়ুক্তক আহ্বান জানায় । মন্ত্ৰী বৰাই দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত জিলাখনে ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিব পৰা সম্ভাৱনাৰ কথা ব্যক্ত কৰি কয়‌, এই দিশত পশুপালন বিভাগে মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে ।

উপৰোক্ত বিভাগ কেইটাৰ উপৰিও মন্ত্ৰী গৰাকীয়ে প্ৰাথমিক শিক্ষা, সমাজ কল্যাণ আদি বিভাগীয় বিষয়াসকলৰ হৈতে মত-বিনিময় কৰে । বৈঠকত জিলা উপায়ুক্তৰ উপৰিও মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ৰমেন চন্দ্ৰ মালাকাৰ, জিলা উন্নয়ন আয়ুক্ত শুভলক্ষ্মী ডেকাও উপস্থিত থাকে ।

লগতে পঢ়ক :19 অক্টোবৰৰ পৰা পুনৰ খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান

ABOUT THE AUTHOR

...view details