অসম

assam

চিৰাঙত চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক জব্দ

By

Published : Feb 24, 2020, 8:10 PM IST

এক গোপন সুত্ৰৰ পম খেদি যোৱা নিশা চিৰাং আৰক্ষীয়ে এখন বহু মূল্যবান চোৰাং শাল কাঠেৰে ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ ট্ৰাকখন বন বিভাগক গটাই দিয়া হ'ব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে ৷

শাল কাঠ ভৰ্তি ট্ৰাক জব্দ
শাল কাঠ ভৰ্তি ট্ৰাক জব্দ

চিদলী, 24 ফেব্ৰুৱাৰীঃ যোৱা নিশা চিৰাং জিলাৰ চিদলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই, AS-01 JC-8557 নম্বৰৰ ১২ চকীয়া ট্ৰাক এখন জব্দ কৰে ৷ ট্ৰাকখন বহু মূল্যবান চোৰাং শাল কাঠেৰে ভৰ্তি আছিল ৷ কোকৰাঝাৰৰ পৰা চিৰাং হৈ অইন ঠাইলৈ কাঠখিনি লৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে চোৰাং কাঠখিনি ৷ চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনোৱা মতে, যোৱা নিশা চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে অভিযান চলাই চোৰাং শাল কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ ট্ৰাকখন বন বিভাগক গটাই দিয়া হ'ব বুলি উল্লেখ কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

চিৰাঙত চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details