ETV Bharat / state

দুষ্কৃতিকাৰীৰ কৱলত পৰি নিঃশেষ হোৱাৰ উপক্ৰম ধেমাজিৰ জীয়াঢলৰ সংৰক্ষিত বনাঞ্চল

author img

By

Published : Feb 24, 2020, 5:59 PM IST

ধেমাজি বনসংমণ্ডলৰ অধীনৰ জীয়াঢলৰ সংৰক্ষিত বনাঞ্চলৰ শান্তিপুৰ আৰু বালিচৰি অঞ্চলৰ একাংশ ঠাই এতিয়া দুষ্কৃতিকাৰীৰ কবলত পৰি ধ্বংসৰ গৰাহলৈ পৰ্যবসিত হৈছে ৷ দুষ্কৃতিকাৰীয়ে দিনে নিশাই অব্যাহত ৰাখিছে বন ধবংসলীলা ৷ বিভিন্ন ধৰণৰ মূল্যৱান গছ কাটি তহিলং দুষ্কৃতিকাৰীৰ ৷ ঘন বনাঞ্চলিক ঠাই এতিয়া ৰূপান্তৰিত হৈছে চৰণীয়া পথাৰলৈ ৷

Forest deforestation at Dhemaji Jiyadhal Wildlife Sunctury
দুষ্কৃতিকাৰীৰ কৱলত পৰি নিঃশেষ হোৱাৰ উপক্ৰম ধেমাজিৰ জীয়াঢলৰ সংৰক্ষিত বনাঞ্চল

ধেমাজি, 24 ফেব্ৰুৱাৰীঃ দুষ্কৃতিকাৰীৰ কৱলত ধেমাজিৰ জীয়াঢলৰ সংৰক্ষিত বনাঞ্চল ৷ তথাপি কাণসাৰ নাই সংশ্লিষ্ট বিভাগৰ ৷ ধেমাজি বন সংমণ্ডলৰ অধীনৰ জীয়াঢলৰ সংৰক্ষিত বনাঞ্চলৰ শান্তিপুৰ আৰু বালিচৰি অঞ্চলৰ একাংশ ঠাই এতিয়া দুষ্কৃতিকাৰীৰ কবলত পৰি ধ্বংসৰ গৰাহলৈ পৰ্যবসিত হৈছে ৷ দুষ্কৃতিকাৰীয়ে দিনে নিশাই অব্যাহত ৰাখিছে বন ধবংসলীলা ৷ বিভিন্ন ধৰণৰ মূল্যৱান গছ কাটি তহিলং দুষ্কৃতিকাৰীৰ ৷ ঘন বনাঞ্চলিক ঠাই এতিয়া ৰূপান্তৰিত হৈছে চৰণীয়া পথাৰলৈ ৷

দুষ্কৃতিকাৰীৰ কৱলত পৰি নিঃশেষ হোৱাৰ উপক্ৰম ধেমাজিৰ জীয়াঢলৰ সংৰক্ষিত বনাঞ্চল

উল্লেখ্য যে বনাঞ্চলৰ সমীপতে আছে ধেমাজি সীমান্ত উপ আৰক্ষী চকী আৰু আনফালে বনাঞ্চলৰ মাজতে আছে বন বিভাগৰ তত্ত্বাৱধানত গঢ়ি তোলা এখন বিশাল নাৰ্চাৰী । য’ত নিয়োজিত হৈ আছে বনকৰ্মী ৷ কিন্তু আশ্চৰ্যজনক আৰু উদ্বেগৰ বিষয় যে আৰক্ষী আৰু বনকৰ্মীয়ে দিনে নিশাই দৃষ্টি ৰখাৰ পিছতো কেনেকৈ সংঘটিত হৈছে বন ধংস কাৰ্য ৷ ইয়াকে লৈ প্ৰশ্ন উত্থাপিত কৰিছে সচেতন মহলে ৷

আৰু পঢ়কঃগ্ৰাহকৰ বেশেৰে দোকানৰ পৰা চোৰে লুটিলে লক্ষাধিক টকাৰ সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.