অসম

assam

কংগ্ৰেছ-এআইডিইউএফ মানেই সংখ্যালঘু নহয়: ৰঞ্জিত দাস

By

Published : Feb 25, 2021, 10:18 AM IST

কংগ্ৰেছ আৰু এআইডিইউএফ-ৰ তুলনাত বিজেপিয়ে বেছি সংখ্যালঘু ভোট লাভ কৰিব বুলি দাবী কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ বিজেপিৰ দিনত সংখ্যালঘুসকল শান্তিত আছে বুলিও দাবী কৰে দাসে ৷ বিজনীত অনুষ্ঠিত বিজেপিৰ যোগদান সভাত উপস্থিত থাকি এই মন্তব্য দাসৰ ৷

ranjit kumar das at bijni bjp meeting
ranjit kumar das at bijni bjp meeting

চিৰাং,25 ফেব্ৰুৱাৰী:কংগ্ৰেছ আৰু এআইডিইউএফ মানেই সংখ্যালঘু নহয় বুলি দাবী কৰিছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ সংখ্যালঘু সকলৰ বিজেপিৰ ওপৰত আস্থা আছে বুলি দাবী কৰাৰ লগতে আগন্তুক অসম বিধানসভা নিৰ্বাচনত সংখ্যালঘু লোকসকলৰ ভোট সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দাসে ৷ দাসৰ মতে আগন্তুক অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এআইডিইউএফ-ৰ তুলনাত বিজেপিয়ে বেছি সংখ্যালঘু ভোট লাভ কৰিব ৷ বিজনীত অনুষ্ঠিত বিজেপিৰ এক যোগদান সভাত অংশ লৈ দাসে এই মন্তব্য কৰে ৷

বিধানসভা নিৰ্বাচনৰ লগে লগে ভিচিডিচি নিৰ্বাচনৰ বাবে সাজু হোৱাৰ আহ্বান দাসৰ

বুধবাৰে চিৰাঙৰ বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিজেপিৰ এখন যোগদান সভা অনুষ্ঠিত হয় ৷ বিজেপিৰ এই সভাতেই মুখ্য অতিথি হিচাপে উপস্থিত আছিল অসম ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী ৷ সভাত অংশ লৈ কংগ্ৰেছৰ মহাজোঁট বন্ধনে বিজেপি দলৰ কোনো ক্ষতি কৰিব নোৱাৰে বুলি দাসে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে ৷ কংগ্ৰেছৰ দিনত সংখ্যালঘুসকলৰ বাসগৃহ জুই জ্বলিছিল ৷ কিন্তু বিজেপি চৰকাৰ অহাৰ পাছতে সংখ্যালঘু ৰাইজৰ ওপৰত এনে ঘটনা সংঘটিত হোৱা নাই বুলি দাসে দাবী কৰে ৷

দলীয় যোগদান সভাত অংশগ্ৰহণ ৰাজ্যিক বিজেপিৰ সভাপতিৰ

ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়া মতে আগন্তুক বিধানসভা নিৰ্বাচনৰ পাছতে বিটিআৰ ভিচিডিচিৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ বিধানসভা নিৰ্বাচনৰ লগে লগে ভিচিডিচি নিৰ্বাচনৰ বাবে সাজু হোৱাৰ বাবেও দাসে দলীয় কাৰ্যকৰ্তা সকলক আহ্বান জনায় ৷ উল্লেখ্য যে, বুধবাৰে অনুষ্ঠিত এই যোগদান সভাত তিনি শতাধিক লোকে বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক:সমুখত নিৰ্বাচন:আৰ্থিক সংকটত কংগ্ৰেছ

ABOUT THE AUTHOR

...view details