ETV Bharat / state

বেথুকান্দি মথাউৰিক লৈ সতৰ্ক প্ৰশাসন; শিলচৰত ১৪৪ ধাৰা জাৰি - Section 144 Imposed in Silchar

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 2:01 PM IST

Section 144 Imposed in Silchar : ২০২২ চনত বেথুকান্দি মথাউৰিটো দুষ্কৃতিকাৰীয়ে কাটি দিয়াৰ ফলত ভয়াৱহ বানত বুৰ গৈছিল সমগ্ৰ শিলচৰ চহৰ ৷ এইবাৰ তেনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নঘটিবলৈ জিলা প্ৰশাসনে আগতীয়া সাৱধানতা অৱলম্বন কৰিছে ।

Section 144 Imposed in Silchar
শিলচৰত ১৪৪ ধাৰা জাৰি (ETV Bharat Assam)

গুৱাহাটী, ৩০ মে' : ক্ৰমাৎ জটিল হৈ পৰিছে বৰাকৰ বান পৰিস্থিতি । বিশেষকৈ কাছাৰত বানে সংহাৰ ৰূপ ধাৰণ কৰিছে । যাৰ বাবে সষ্টম হৈ উঠিছে জিলা প্ৰশাসন । এই পৰিস্থিতিত প্ৰশাসনে জাৰি কৰিছে কেতবোৰ নিৰ্দেশনা । বিশেষকৈ শিলচৰৰ বেথুকান্দি মথাউৰিসহ শ্লুইছ গে'টৰ 500 মিটাৰলৈকে 144 ধাৰা জাৰি প্ৰশাসনৰ ৷ শেহতীয়া বান পৰিস্থিতিৰ কথা লক্ষ্য ৰাখি জিলা আয়ুক্ত ৰোহণ কুমাৰ ঝাই এই নিৰ্দেশনা জাৰি কৰিছে ৷

বেথুকান্দি মথাউৰিক লৈ সতৰ্ক কাছাৰ জিলা প্ৰশাসন (ETV Bharat Assam)

২০২২ চনত দুষ্কৃতিকাৰীয়ে কাটিছিল বেথুকান্দি মথাউৰি

উল্লেখ্য যে ২০২২ চনত এই বেথুকান্দি মথাউৰি দুষ্কৃতিকাৰীয়ে কাটি দিয়াৰ ফলত ভয়াৱহ বানত বুৰ গৈছিল সমগ্ৰ শিলচৰ চহৰ ৷ সেয়ে এইবাৰ যাতে তেনে ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে আগতীয়া সাৱধানতা অৱলম্বন কৰিছে প্ৰশাসনে । যাৰ বাবে বান পৰিস্থিতিৰ কথা চিন্তা কৰি মথাউৰিটোসহ শ্লুইছ গে'ট আৰু তাৰ ওচৰ-পাজৰৰ 500 মিটাৰলৈকে 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে ৷

Section 144 Imposed in Silchar
জিলা প্ৰশাসনৰ নিৰ্দেশনা (ETV Bharat Assam)

এই নিৰ্দেশনা অনুসৰি, বেথুকান্দি অঞ্চলত একেলগে পাঁচজনকৈ লোক গোট খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে । লগতে যদি কোনো দুষ্কৃতিকাৰীয়ে এই মথাউৰি কটাৰ চেষ্টা কৰে তেনেহ’লে ইয়াক গুৰুতৰ অপৰাধ বুলি গণ্য কৰা হ’ব বুলিও কঠোৰ নিৰ্দেশ জাৰি কৰিছে কাছাৰ জিলা প্ৰশাসনে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী

উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা বতৰৰ আগলি বতৰা অনুসৰি, কাছাৰ জিলাত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে । আনহাতে, বৰাক নৈৰ জলপৃষ্ঠই ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে । লগতে ক্ৰমবৰ্ধমান বৰাকৰ জলস্তৰে শিলচৰকে ধৰি ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহলৈ ভাবুকি কঢ়িয়াই আনিছে । যাৰ বাবে জিলা প্ৰশাসনে সকলো পক্ষকে সাজু হৈ থাকিবলৈও আহ্বান জনাইছে । যিকোনো পৰিস্থিতিৰ বাবে প্ৰশাসনে এছ ডি আৰ এফকে ধৰি দুৰ্যোগ প্ৰশমন বিভাগৰ সকলো পক্ষ তথা বিভাগসমূহক সতৰ্ক হৈ থাকিবলৈও জনাইছে ।

ইয়াৰ মাজতে বৰাক নৈসহ মধুৰা,জাতিঙ্গা, চিৰি, বলেশ্বৰ আৰু গুমৰা নৈৰ বাঢ়নী পানীয়ে বৃহৎসংখ্যক গাঁও বুৰাই পেলাইছে । কাছাৰৰ শিলচৰ, উদাৰবন্দ, বৰখলা, কাটিগড়া আৰু লক্ষীপুৰ বিধানসভা সমষ্টিৰ কেইবা শ গাঁও এতিয়া বানৰ কবলত পৰিছে ।

লগতে পঢ়ক :বৰাকত জটিল হৈছে বান পৰিস্থিতি; বানৰ কবলত শতাধিক গাঁও - Flood In Barak Valley

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.