অসম

assam

Nagaland Army Amush : চিৰাঙত এবছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

By

Published : Dec 9, 2021, 2:26 PM IST

বুধবাৰে কাজলগাঁৱত এবছুৰ উদ্যোগত নাগালেণ্ডৰ মন জিলাত সেনাৰ গুলীত নিহত হোৱা সাধাৰণ লোকসকল(Nagaland Army Amush)ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এক অনুষ্ঠান অনুষ্ঠিত হয়(ABSU pays tribute to victims of Army Ambush in Nagaland) ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী ৷

absu-pays-tribute-to-those-who-lost-their-life-in-army-ambush-in-nagaland
চিৰাঙত এবছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

চিৰাং, 9 ডিচেম্বৰ :ক্ৰমাৎ অধিক জটিল হৈ পৰিছে নাগালেণ্ডৰ পৰিস্থিতি ৷ জানিব পৰা মতে, বিগত 4 ডিচেম্বৰ তাৰিখে নাগালেণ্ডত সেনাবাহিনীৰ নিৰ্বিচাৰে গুলী চালনা(Security forces firing in Nagaland) কৰা ঘটনাটোত প্ৰাণ 17 জনকৈ সাধাৰণ লোকে প্ৰাণ হেৰুৱায়(17 civilians dead in firing incident in Nagaland) ৷

চিৰাঙত এবছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি অসমৰ বিভিন্ন ঠাইত ঠায়ে প্ৰতিবাদী কাৰ্যসূচী গঢ় লৈ উঠিছে ৷ বুধবাৰে সন্ধিয়া কাজলগাঁও বজাৰত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত আৰু কাজলগাঁও আঞ্চলিক এবছুৰ সহযোগত মমবাতি প্ৰজ্বলন কৰি নাগালেণ্ডৰ মন জিলাৰ তিৰু গাঁৱত সংঘটিত হোৱা এই গুলীচালনাত নিহত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়(ABSU pays tribute to who lost their life in Army Ambush) ৷

চিৰাঙত এবছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

কাজলগাঁও বজাৰত অনুষ্ঠিত হোৱা এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক খনিন্দ্ৰ বসুমতাৰী উপস্থিত থাকি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ 'AFSPA' বাতিল বাবেও দাবী উত্থাপন কৰে(Demand for AFSPA repeal) ৷ লগতে নাগালেণ্ডত উগ্ৰপন্থীৰ নামত ভাৰতীয় সেনাই নিৰীহ লোকক হত্যা কৰাৰ এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৷ ইয়াৰোপৰি এই অনুষ্ঠানত উপস্থিত থাকি সেনাৰ গুলীত নিহত শ্ৰমিকসকলৰ পৰিয়ালৰ লোকক ন্যায় প্ৰদানৰো দাবী কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ৷

চিৰাঙত এবছুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

উল্লেখ্য যে, শনিবাৰে নাগালেণ্ডৰ মন জিলাৰ তিৰু গাঁৱত নিৰাপত্তাৰক্ষীয়ে কেইজনমান যুৱকক এনএছচিএন(NSCN)ৰ উগ্ৰপন্থী বুলি অতৰ্কিতে আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছে(Nagaland Army Amush) ৷ প্ৰথমাৱস্থাত এই গুলীচালনাত 7 জন নগা যুৱকৰ থিতাতে মৃত্যু হয় ৷ ইয়াৰ পাচতে ঘটনাস্থলী পুনৰ উত্তপ্ত হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে পুনৰ গুলীচালনা কৰাত নিহতৰ সংখ্যা 17 জনলৈ বৃদ্ধি পায় ৷ ফলত অঞ্চলটোত এক উত্তেজনামুলক পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক :Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

ABOUT THE AUTHOR

...view details