অসম

assam

মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

By

Published : Aug 4, 2021, 8:43 AM IST

ইশান উদয় ছাত্ৰ বৃত্তি দিয়াৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ সদৌ অসম মুছলিম ছাত্ৰ সন্থাৰ চমুকৈ 'আমছু'ৰ ৷ এজন ছাত্ৰৰ নামত 10 বাৰকৈ ধন উলিয়াই দিয়াৰ অভিযোগ আমছুৰ সভাপতিগৰাকীৰ ৷

AAMSU accused of corruption in the name of 'Ishan Uday Scholarship'
মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম চৰকাৰ

চিৰাং, 4 আগষ্ট : কেন্দ্ৰীয় চৰকাৰে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে গ্ৰহণ কৰা 'ইশান উদয় বিশেষ ছাত্ৰ বৃত্তি' (Ishan Uday Special Scholarship)নামত ৰাজ্যত চলিছে ব্যাপক অনিয়ম ৷ একাংশ বিদ্যালয়, মহাবিদ্যালয়ৰ অধ্যক্ষই এই বৃত্তি প্ৰদানৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ সদৌ অসম মুছলিম ছাত্ৰ সন্থা চমুকৈ 'আমছু'ৰ (AAMSU) । আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এই সন্দৰ্ভত সাংবাদিকৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৷

মুখ্যমন্ত্ৰীয়ে তদন্ত কৰক বহু ৰৌ-বৰালি জালত পৰিব : ৰেজাউল কৰিম সৰকাৰ

তেওঁ অভিযোগ কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ ১০ হাজাৰ ছাত্ৰ-ছাত্ৰীক প্ৰতিবছৰে প্ৰদান কৰি আহিছে 'ইশান উদয় বিশেষ ছাত্ৰ বৃত্তি' (Scholarship)। উল্লেখ্য যে, চলিত বৰ্ষত এই বৃত্তি অসমৰ প্ৰায় ৫৪১৭ গৰাকী ছাত্ৰ- ছাত্ৰীক প্ৰদান কৰা হৈছে । কিন্তু জানি আঁচৰিত হ'ব যে এই বৃত্তি লাভ কৰা ৩০০০ ছাত্ৰ-ছাত্ৰীক ভুৱাকৈ এই তালিকাত অন্তৰ্ভক্ত কৰা হৈছে বুলি গুৰুতৰ অভিযোগ তুলিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ।

লগতে পঢ়ক -পানী যোগান আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

অভিযোগ অনুসৰি, বহু ছাত্ৰ-ছাত্ৰীৰ নাম বাৰে বাৰে ছাত্ৰ বৃত্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ভিতৰত এই স্কলাৰশ্বিপ পোৱা তালিকাত সন্নিবিষ্ট আবুল বাচাৰ নামৰ ছাত্ৰ জনৰ নাম তালিকাত ১০ বাৰ প্ৰকাশ পাইছে অৰ্থাৎ এজন ছাত্ৰক ১০ বাৰ প্ৰদান কৰা হৈছে ৫৪০০০.০০কৈ টকা।

ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা

কেৱল সেয়াই নহয়, বৃত্তি প্ৰদান কৰা কলেজসমূহক লৈও ব্যাপক জালিয়াতি চলাৰ অভিযোগ আমছুৰ সভাপতি ৰেজাউ কৰিম চৰকাৰৰ। বৃত্তি প্ৰদান কৰা বহু লোকৰ নাম ঠিকনাক লৈও বহু খেলি-মেলি দেখা গৈছে বুলি দাবী কৰে আমছুৰ সভাপতি জনে। তালিকা খনত বহু সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ পিতৃক আকৌ দেখুওৱা হৈছে হিন্দু বুলিহে । মুঠৰ ওপৰত চৰকাৰে প্ৰকাশ কৰা ইশান উদয় ছাত্ৰবৃত্তিৰ তালিকাত ব্যাপক খেলি মেলি দেখা গৈছে ৷

ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা

এই সমগ্ৰ ঘটনাটোক এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarma) আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে আহ্বান জনাইছে ৷ শীঘ্ৰেই এই ছাত্ৰ বৃত্তি প্ৰদানৰ নামত যি সকল লোকে দুৰ্নীতি কৰিছে, সেইসকল লোকক উচিত শাস্তি প্ৰদানৰো দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে ৷

ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামৰ তালিকা

অৱশ্যে ইয়াৰ পূৰ্বে সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ৰাজ্যত চলা দুৰ্নীতিৰ বিষয়টোও আমছুৱে পোহৰলৈ আনিছিল ৷ এই তথ্য পোহৰলৈ অহাৰ পিছতেই চৰকাৰে কঠোৰ পদক্ষেপ লৈছিল ৷ ঠিক তেনেদৰে ইশান উদয় ছাত্ৰবৃত্তিৰ নামত সংঘটিত কেলেংকাৰীৰ ক্ষেত্ৰতো চৰকাৰে উচিত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশাবাদী সংগঠনটোৰ সকলো কৰ্ম-কৰ্তা ৷

লগতে পঢ়ক- HSLC ৰ ফলাফলক লৈ বিজনীত এচএফআইৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details