অসম

assam

ভগ্ন মথাউৰি নিৰ্মাণৰ দাবী আমছু (AAMSU)ৰ

By

Published : Jun 8, 2021, 10:52 PM IST

বিজনী মহকুমাৰ অন্তৰ্গত খুজৰাবগুৰী সন্যাসীগুৰী হৈ শিশুবাৰীলৈ যোৱা আই নৈৰ মথাউৰি আৰু ২ নং শিশুবাৰী ইএনডি মথাউৰি ২নং মাজৰাবাৰী হৈ আই নদীৰ দলংলৈ যোৱা ভগ্ন মথাউৰি পৰিদৰ্শন আমছু (AAMSU)ৰ ৷ বাৰিষাৰ পূৰ্বতে ভগ্ন মথাউৰি নিৰ্মাণৰ দাবী ৷

aamsu-demand-to-build-broken-embankment
ভগ্ন মথাউৰি নিৰ্মাণৰ দাবী আমছুৰ

চিৰাং, 8 জুন : চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত খুজৰাবগুৰী সন্যাসীগুৰী হৈ শিশুবাৰীলৈ যোৱা আই নৈৰ মথাউৰি আৰু ২ নং শিশুবাৰী ইএনডি মথাউৰি ২নং মাজৰাবাৰী হৈ আই নদীৰ দলংলৈ যোৱা ভগ্ন মথাউৰি দুটা পৰিদৰ্শন কৰে আমছু (AAMSU) নেতৃত্বই ৷ আমছু (AAMSU)ৰ কেন্দ্ৰীয় শিক্ষা সম্পাদক আবুল কালাম আজাদ নেতৃত্বত বিজনী জিলা সমিতি আমছু (AMSU)ৰ সভাপতি ৰছুল খান সাধাৰণ সম্পাদকদ্বয় জাহেদ আলী , ৰফিকুল ইছলামৰ লগতে পশ্চিম বিজনী আঞ্চলিক আমছু (AAMSU) ৰ এটি সজাতি দলে পৰিদৰ্শন কৰি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক বাৰিষাৰ পূৰ্বতে ভগ্ন মথাউৰি দুটা পুনৰ নিৰ্মাণ কৰিবলৈ সংবাদমাধ্যমযোগে দাবী জনায় ।

ভগ্ন মথাউৰি নিৰ্মাণৰ দাবী আমছুৰ

উল্লেখযোগ্য যে, বিগত বৰ্ষত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal) আৰু জলসিঞ্চন বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ই উক্ত মথাউৰি দুটা পৰিদৰ্শন কৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিকোপতি বিভাগীয় কৰ্তৃপক্ষই ভগ্ন মথাউৰি দুটা নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহন নকৰিলে । বাৰিষাৰ পূৰ্বে যদি মথাউৰি দুটা নিৰ্মাণ নকৰে তেন্তে মাজৰাবাৰী শিশুবাৰী খুজৰাৱগুৰীৰ লগতে এক বৃহৎ অঞ্চল বানপানীত প্লাৱিত হ’ব আৰু আই নদীৰ বুকুত বিলীন হ’ব ।

আনকি বিগত বৰ্ষৰ দৰে আই নদীয়ে যদি এই বছৰো কালৰূপ ধাৰণ কৰে তেন্তে বিজনী চহৰখনৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হ’ব । গতিকে অসম চৰকাৰৰ বৰ্তমানৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বাৰিষাৰ পূৰ্বে ভগ্ন মথাউৰি দুটা নিৰ্মাণ কৰিবলৈ আহ্বান জনায় আমছু (AAMSU)নেতৃত্বই ।

লগতে পঢ়ক:আনন্দ-অভিজিৎ : চৰ্চাত দুই আৰক্ষী অধীক্ষক

ABOUT THE AUTHOR

...view details