অসম

assam

Assam Assembly winter Session 2022 : ব্ৰহ্মপুত্ৰ বহল হোৱাৰ কাৰণ আবিষ্কাৰ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে

By

Published : Dec 24, 2022, 8:45 PM IST

বিধানসভা চৌহদত বিধায়কৰ মুখৰোচক বাদানুবাদ । বোকা ছটিওৱাৰ ৰাজনীতিত লিপ্ত একাংশ বিধায়ক (Assam Assembly heated over crime and encounters) । সমষ্টিবাসীৰ অভাৱ-অভিযোগ সদনত সজোৰে উত্থাপন কৰাৰ বিপৰীতে একাংশ বিধায়কে ৰস পাই বোকা ছটিওৱাৰ ৰাজনীতিত ।

Assam Assembly winter Session 2022
সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

গুৱাহাটী, ২৪ ডিচেম্বৰ : শনিবাৰে সামৰণি পৰে বিধানসভাৰ শীতকালীন অধিবেশন (Assam Assembly winter Session 2022) । মঙলবাৰৰ পৰা আৰম্ভ হোৱা অধিৱেশনৰ প্ৰায় প্ৰত্যেক দিনাই কিবা নহয় কিবা বক্তব্যৰে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । আজি অৰ্থাৎ শনিবাৰে অন্তিম দিনাও তাৰ ব্যতিক্ৰম নহ’ল (MLA Rupjyoti Kurmi in Assam Assembly) ।

শুকুৰবাৰে নামনি অসমৰ বানপানীৰ অন্যতম কাৰণ চৰ অঞ্চলৰ লোক বুলি সদৰী কৰা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি ব্ৰহ্মপুত্ৰ বহল হোৱাৰ কাৰণ ব্যাখ্যা কৰিলে । উজনি অসমত ব্ৰহ্মপুত্ৰ বহল হোৱাৰ সূত্ৰ আবিষ্কাৰ কৰি ৰূপজ্যোতি কুৰ্মীয়ে (Rupjyoti Kurmi discovered formula for widening Brahmaputra) সংবাদ মাধ্যমৰ আগত ইয়াৰ সমাধান স্বৰূপে চৰৰ পৰা সন্দেহজনক মানুহক আঁতৰাই দিবলৈ আহ্বান জনায় ।

ইফালে ৰূপজ্যোতি কুৰ্মীক লৈ ধিঙৰ বিধায়ক আমিনুল ইছলামে কয় যে, ৰূপজ্যোতি কুৰ্মীৰ মূৰত একো নথকাৰ বাবে এনেবোৰ কথা কৈছে । ৰূপজ্যোতি কুৰ্মীক ন’বেল বঁটা নহয়, মহা ন’বেল বঁটা দিব লাগে । ৰূপজ্যোতি কুৰ্মীকে চৰকাৰে গৱেষণাৰ দায়িত্ব দিয়ক । বিশেষজ্ঞ বাহিৰৰ পৰা আনি ধন অপব্যয় কৰি লাভ নাই বুলি তেওঁ কয় ।

লগতে পঢ়ক :Assam Assembly winter Session: অসম বিধানসভাত অপৰাধীৰ সমৰ্থনকাৰী আছে: বিধায়ক ৰূপজ্যোতি কুৰ্মী

ইফালে ন’বেল বঁটা দিব লাগে বুলি কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘ভাল বিষয় আবিষ্কাৰ কৰাৰ বাবে মোক ন’বেল বঁটা দিলেও গ্ৰহণ কৰিম’’ । আনহাতে, বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৰূপজ্যোতি কুৰ্মীক সমালোচনা কৰি কয়, ‘‘কথাত কটা যায় কথাত বঁটা পায় । ৰূপজ্যোতি কুৰ্মীৰ কটা গৈছে । ৰূপজ্যোতি কুৰ্মী হাঁহিয়াতৰ পাত্ৰ হৈছে । এই ধৰণৰ মন্তব্য দি থাকিলে মৰিয়নীৰ ৰাইজে ৰূপজ্যোতি কুৰ্মীক এদিন বিদায় দিব’’ ।

ইফালে আজি বিধানসভাৰ অধিৱেশনত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীক মূৰ্খ বুলি সম্বোধন কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । শুকুৰবাৰে শ্বেৰমান আলীয়ে ৰূপজ্যোতি কুৰ্মীক ‘বহুৱা’ আখ্যা দিছিল । যাৰ বাবে আজি শ্বেৰমান আলীক মূৰ্খ বুলি সম্বোধন কৰে ৰূপজ্যোতি কুৰ্মীয়ে ।

লক্ষণীয় বিষয় যে, বিধানসভা ভিতৰে-বাহিৰে একাংশ জনপ্ৰতিনিধি লিপ্ত হৈ থাকে মুখৰোচক বাদানুবাদত (Assam Assembly heated over crime and encounters) । সমষ্টিবাসীৰ অভাৱ-অভিযোগ সদনত সজোৰে উত্থাপন কৰাৰ বিপৰীতে একাংশ বিধায়কে ৰস পাই বোকা ছটিওৱাৰ ৰাজনীতিত । এয়া কোনো শুভ লক্ষণ নহয় ।

লগতে পঢ়ক :Assam assembly winter session: এঘন্টাৰ বাবে স্থগিত বিধানসভাৰ অধিবেশন

ABOUT THE AUTHOR

...view details