অসম

assam

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বৰাকৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে

By

Published : Nov 9, 2019, 5:01 AM IST

Updated : Nov 9, 2019, 11:37 AM IST

"বৰাকৰ উন্নয়নৰ কামত দুৰ্নীতি চলিছে আৰু চৰকাৰে প্ৰদান কৰা অৰ্থ সঠিকভাৱে বিনিয়োগ নকৰি আত্মস্যাৎ কৰা হৈছে":হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য লৈ সুস্মিতা দেৱৰ প্ৰতিক্ৰিয়া

শিলচৰ, 9 নৱেম্বৰ:বৰাক সন্দৰ্ভত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক প্ৰত্যাখ্যান শিলচৰৰ প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱৰ ৷ "বৰাকৰ উন্নয়নৰ কামত দুৰ্নীতি চলিছে আৰু চৰকাৰে প্ৰদান কৰা অৰ্থ সঠিকভাৱে বিনিয়োগ নকৰি আত্মস্যাৎ কৰা হৈছে" বুলি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যক প্ৰত্যাখ্যান কৰি প্ৰাক্তন সাংসদগৰাকীয়ে কয় "বৰাকৰ লগত ব্লেকমেইলিং কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ ডিব্ৰুগড়,শিৱসাগৰ,তিনিচুকীয়া বা আন ঠাইৰ ঠিকাদাৰ ইঞ্জিনিয়াৰৰ পৰা কমিচন লোৱা নহয় কিন্তু বৰাকৰ সকলো কামৰ বাবে ঠিকাদাৰ, ইঞ্জিনিয়াৰ সকলক গুৱাহাটীত কমিচন দিব লাগে। এয়া কোনো নতুন কথা নহয়। বৰাকৰ কামত দুৰ্নীতি চলিছে এই কথা কোৱাৰ আগতে কিয় আৰু কাৰ বাবে দুৰ্নীতি চলিছে সেই বিষয়েও আমি জানো বুলি মন্তব্য কৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

শিলচৰৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ
Last Updated : Nov 9, 2019, 11:37 AM IST

TAGGED:

ABOUT THE AUTHOR

...view details