অসম

assam

৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ

By

Published : Jan 25, 2020, 6:58 AM IST

সমান্তৰালকৈ, শুকুৰবাৰে শিলচৰ চহৰটো পূৰ্ণগতিত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। কাছাৰ জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰেৰে নিজস্ব নৃত্য গীতৰ লগতে মাৰ্চ-পাৰ্চৰ প্ৰস্তুতি চলাইছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।

৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ
৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ দিশে অগ্ৰসৰ হৈছে ভাৰতবৰ্ষ

কলিয়াবৰ, 25 জানুৱাৰীঃ ৭১সংখ‍্যক গণতন্ত্ৰ দিৱস উপলক্ষে সস্তম হৈ উঠিছে ৰাজ্যৰ প্ৰশাসন বিভাগ ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ গণতন্ত্ৰ দিৱসৰ বাবে প্ৰস্তুতি চলাইছে কলিয়াবৰ মহকুমা প্ৰশাসনেও ৷ ইতিমধ‍্যে সজাই-পৰাই তোলা হৈছে কলিয়াবৰৰ ঐতিহাসিক গান্ধী খেল পথাৰ। বিগত সপ্তাহজুৰি মাৰ্চ-পাৰ্চ আৰু বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আখৰা চলাইছে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে কলিয়াবৰ আৰক্ষী প্ৰশাসন আৰু মহকুমা প্ৰশাসনে ৷

কলিয়াবৰত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি

সমান্তৰালকৈ, শুকুৰবাৰে শিলচৰ চহৰটো পূৰ্ণগতিত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি। কাছাৰ জিলাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত সাজপাৰেৰে নিজস্ব নৃত্য গীতৰ লগতে মাৰ্চ-পাৰ্চৰ প্ৰস্তুতি চলাইছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। চহৰ আৰু আন বিভিন্ন অঞ্চলৰ বিভিন্ন জনগোষ্ঠীৰ লোকে এই কৰ্মসূচিত ভাগ লৈছে বুলি জানিব পৰা গৈছে । খোদ পেৰেড গ্ৰাউন্ডত উপস্থিত হৈ সকলোৰে আখৰাত চকু ফুৰাইছে জিলা উপায়ুক্ত বৰ্ণালী শৰ্মাই ৷

শিলচৰত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি

আনহাতে, গণতন্ত্ৰ দিৱস উপলক্ষে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলিছে আৰক্ষীৰ কটকটীয়া তালাচী অভিযান । ৭১ তম গণৰাজ্য দিৱসত কোনো দুষ্ট চক্ৰই যাতে কোনো ধৰনৰ কুটাঘাত মূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলাৰ দলগাঁও আৰু খাৰুপেটীয়া আৰক্ষীৰ এটা দলে তালাচি অভিযান চলাই ৷ ইয়াৰোপৰি অৰ্ধ সামৰিক বাহিনীৰ সহযোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলাচল কৰা সকলো ধৰণৰ যান বাহনত তন্ন তন্নকৈ তালাচী চলোৱাও পৰিলক্ষিত হয় ৷

দৰঙত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱস উদযাপনৰ প্ৰস্তুতি
Intro:কলিয়াবৰ মহকুমা প্ৰশাসনৰ ব‍্যৱস্থাপনাত ৭১ সংখ‍্যক গণতন্ত্ৰ দিৱসৰ আয়োজন

আৰক্ষী প্ৰশাসন আৰু কেইবাখনো বিদ‍্যালয়ে অংশগ্ৰহণ কৰিব মাৰ্চ-পাষ্টত

পৰিৱেশন হ'ব বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানBody:কলিয়াবৰৰ ঐতিহাসিক গান্ধী খেল পথাৰত মহকুমা প্ৰশাসনে ইতিমধ‍্যে সজাই-পৰাই তুলিছে। যোৱা এসপ্তাহ ধৰি চলিছে মাৰ্চ-পাষ্ট আৰু সাংস্কৃতিক দলৰ আখৰা।Conclusion:Visuals

ABOUT THE AUTHOR

...view details