অসম

assam

শিলচৰত নৱ নিযুক্ত ৰাজ্যিক উপ-সভাপতি ড: ৰাজদ্বীপ ৰয়ক আদৰণি

By

Published : Aug 21, 2021, 4:24 PM IST

Rajdeep Roy welcomed in Silchar
ৰাজদ্বীপ ৰয়ক আদৰণি ()

বিজেপিৰ নতুন ৰাজ্যিক কমিটি ঘোষণা কৰা হৈছে । নতুন কমিটিত স্থান পাইছে শিলচৰৰ সাংসদ ড: ৰাজদ্বীপ ৰয় । নৱ নিযুক্ত উপ-সভাপতিগৰাকীক শিলচৰত বিশাল আদৰণি বিজেপি কৰ্মকৰ্তাৰ ।

শিলচৰ, ২১ আগষ্ট:শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ (State Bjp) সভাপতি ভৱেশ কলিতাৰ নেতৃত্বত গঠন গৈছে নতুন ৰাজ্যিক কমিটি । যোৱা ১৮ আগষ্টত সভাপতি ভৱেশ কলিতাই (BJP state president Bhabesh Kalita) ঘোষণা কৰিছে ৰাজ্যিক কমিটিৰ বিষয়ববীয়া নামসমূহ । নতুন কমিটিত উপ-সভাপতি হিচাপে ৮ গৰাকী ব্যক্তিৰ নাম ঘোষণা কৰে ।

তাৰ ভিতৰত আছে শিলচৰৰ বিজেপি সাংসদ ড: ৰাজদ্বীপ ৰয়ৰ (MP Dr Rajdeep Roy) নাম । উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰলৈ শুকুৰবাৰে শিলচৰত উপস্থিত হয় ড: ৰাজদ্বীপ ৰয় । দিনৰ প্ৰায় ১.৩০ মান বজাত বিমানযোগে শিলচৰত উপস্থিত হয় নৱ নিযুক্ত উপ-সভাপতিগৰাকী ।

শিলচৰত নৱ নিযুক্ত ৰাজ্যিক উপ সভাপতি ড ৰাজদ্বীপ ৰয়ক আদৰণি

শিলচৰ বিমানবন্দৰত (Silchar airport) উপস্থিত হোৱাৰ পাছতে বিজেপিৰ কাৰ্যকৰ্তাসকলে বিজেপি সাংসদ তথা ৰাজ্যিক বিজেপিৰ উপ-সভাপতি ৰাজদ্বীপ ৰয়ক উস্ম আদৰণি জনায় । প্ৰায় হাজাৰৰো অধিক বিজেপি কৰ্মীয়ে তেওঁক আদৰণি জনায় । বিমানবন্দৰৰ পৰা তেওঁৰ সমৰ্থক সকলে এখন বিশাল ৰেলী কৰি শিলচৰৰ বিজেপি কাৰ্যালয়লৈ লৈ যায় নেতাগৰাকীক ।

নেতাগৰাকীয়ে সুস্মিতা দেৱৰ (Sushmita Dev) তৃণমূল কংগ্ৰেছ (Trinamool Congress) গমন সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত পোনপটীয়াভাৱে কোনো মন্তব্য নকৰে যদিও তেওঁৰ পৰিয়ালে কেনেদৰে পূৰ্বৰে পৰা কংগ্ৰেছৰ সৈতে জড়িত আছে সেই সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য কৰে । ইফালে বিজেপি চৰকাৰৰ উত্থানক কংগ্ৰেছ মহাজোঁটে কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলিও তেওঁ উল্লেখ কৰে । বিমানবন্দৰৰ পাছত তেওঁক বিজেপি কাৰ্যালয়ত বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :উৎকোচ দিলেহে লাভ কৰিব প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাসগৃহ !

ABOUT THE AUTHOR

...view details