অসম

assam

লক্ষীপুৰ আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

By

Published : Apr 29, 2021, 9:45 PM IST

কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এক অভিযান চলাই এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ চাইদুল ৰহমান নামৰ সৰবৰাহকাৰীটোৰ পৰা ১৪০ গ্রাম হেৰ'ইন লগতে জব্দ কৰা হয় ৷

লক্ষীপুৰ আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী
লক্ষীপুৰ আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী

কাছাৰ, 29 এপ্ৰিল :কাছাৰ জিলাৰ লক্ষীপুৰ আৰক্ষীয়ে ১৪০ গ্রাম হেৰ'ইন সহ এটা সৰবৰাহকাৰীক আটক কৰে। লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়া পার্থপ্রতিম দাসৰ নেতৃত্বত চলোৱা এক অভিযানত পয়লাপুল অঞ্চলৰ পৰা উক্ত ড্ৰাগছ সৰবৰাহকাৰীটোক আটক কৰা হয় ৷

ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম চাইদুল ৰহমান ৷ চাইদুল ৰহমানৰ ঘৰ লক্ষীপুৰৰ লালাঙত বুলি জানিব পৰা গৈছে ৷ লক্ষীপুৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে চাইদুল ৰহমানক জেৰা অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: আৰক্ষীৰ বৃহৎ কনভয়েৰে লৈ অনা হ'ল জীৱন মৰাণক

ABOUT THE AUTHOR

...view details