অসম

assam

শিক্ষা মন্ত্ৰীৰ বৈঠকলৈ আমন্ত্ৰণ নকৰাক লৈ ক্ষোভ ACKHSAৰ

By

Published : Sep 3, 2021, 4:36 PM IST

Ackhsa student association Pressmeet
শিক্ষা মন্ত্ৰীৰ বৈঠকলৈ আমন্ত্ৰণ নকৰাক লৈ ক্ষোভ ACKHSAৰ

শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে ৩৪টা ছাত্ৰ সংগঠনৰ সৈতে এক বৈঠকত মিলিত হৈছিল । এই বৈঠকলৈ আমন্ত্ৰণ লাভ কৰা নাছিল সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাই । শিক্ষামন্ত্ৰীয়ে ছাত্ৰ সংগঠনটোক উপেক্ষা কৰাক লৈ সংগঠনৰ সদস্যসকল ক্ষোভিত হৈ পৰিছে ।

শিলচৰ, ৩ ছেপ্টেম্বৰ: শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগু অথবা শিক্ষা বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থা । কিয়নো, যোৱা ৩০ আগষ্টত শৈক্ষিক পৰিৱেশ পুনৰুদ্ধাৰ সন্দৰ্ভত শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে আয়োজন কৰা বৈঠকলৈ বৰাকৰ সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাক আমন্ত্ৰণ জনোৱা হোৱা নাছিল । এই বৈঠকত মুঠ ৩৪টা সংগঠনে অংশগ্ৰহণ কৰিছিল । সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাই বৃহস্পতিবাৰে শিলচৰত এক সংবাদমেল সম্বোধন কৰি অভিযোগ তুলিছে যে, এই বৈঠকত কেৱল তেওঁলোকেই নহয়, অসমৰ কোনো বঙালী সংগঠনক আমন্ত্ৰণ জনোৱা হোৱা নাছিল ।

শিক্ষা মন্ত্ৰীৰ বৈঠকলৈ আমন্ত্ৰণ নকৰাক লৈ ক্ষোভ ACKHSAৰ

আনহাতে, সংগঠনটোৰ নেতৃত্বই কয় যে, যোৱা জুন মাহত শিক্ষা মন্ত্রীয়ে বৰাক উপত্যকা ভ্ৰমণৰ সময়ত প্ৰতিশ্ৰুতি দিছিল ছাত্ৰ সংগঠনক লৈ বৈঠক অনুষ্ঠিত হ'লে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাক আমন্ত্রণ কৰা হ'ব । কিন্তু শিক্ষা মন্ত্ৰীগৰাকীয়ে সেই প্ৰতিশ্ৰুতি পাহৰিলে বুলি ক্ষোভ উজাৰে সংগঠনটোৱে । লগতে এই সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে ছাত্র সংগঠনটোৱে । আগন্তুক দিনত সংগঠনটোক বঞ্চিত কৰি বৈঠক অনুষ্ঠিত কৰিলে গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাই ।

ক'ভিডসৃষ্ট পৰিস্থিতিয়ে শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ পিছত পুনৰ পূৰ্বৰ দৰে পৰিৱেশ গঢ়ি তোলাৰ বাবে যোৱা ৩০ আগষ্টত ৩৪টা ছাত্ৰ সংগঠনৰ সৈতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু বৈঠকত মিলিত হয় ৷ এনে এখন গুৰুত্বপূৰ্ণ বৈঠকত সদৌ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি ছাত্ৰ সন্থাই অংশ লোৱাৰ পৰা বঞ্চিত হোৱা বাবে ক্ষোভিত হৈ পৰিছে ।

লগতে পঢ়ক:ত্ৰিপুৰাত অনুষ্ঠিত হ'ব তৃণমূল কংগ্ৰেছৰ ১৫ দিনীয়া সদস্য ভৰ্তি অভিযান

ABOUT THE AUTHOR

...view details