ETV Bharat / bharat

ত্ৰিপুৰাত অনুষ্ঠিত হ'ব তৃণমূল কংগ্ৰেছৰ ১৫ দিনীয়া সদস্য ভৰ্তি অভিযান

author img

By

Published : Sep 3, 2021, 11:48 AM IST

TMC to launch 15 days long membership drive across Tripura
ত্ৰিপুৰাত অনুষ্ঠিত হ'ব তৃণমূল কংগ্ৰেছৰ ১৫ দিনীয়া সদস্য ভৰ্তি অভিযান

দলৰ সাংগঠনিক ভেঁটি সমগ্ৰ ত্ৰিপুৰা(Tripura)তে শক্তিশালী কৰাৰ পৰিকল্পনা তৃণমূল কংগ্ৰেছ(Trinamul Congress)ৰ । শীঘ্ৰেই ৰাজ্যখনত দলটোৱে আৰম্ভ কৰিব ১৫ দিনীয়া সদস্য ভৰ্তি অভিযান । এই সময়চেৱাত দলৰ সদস্যসকলক সঠিকভাৱে প্ৰশিক্ষণ দিয়া হ'ব । বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰে তৃণমূল কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে(Sushmita Dev) ।

নেশ্যনেল ডেস্ক, ৩ ছেপ্টেম্বৰ: ত্ৰিপুৰাৰ গ্ৰামাঞ্চল, চহৰ সকলোতে তৃণমূল কংগ্ৰেছ(Trinamul Congress)ক জনপ্ৰিয় কৰি তুলিবলৈ ন ন ৰণনীতি যুগুত কৰিছে দলটোৱে । তৃণমূল কংগ্ৰেছত নতুনকৈ যোগদান কৰা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী সুস্মিতা দেৱেও দলক শক্তিশালী কৰাৰ বাবে আগবাঢ়ি আহিছে ।

বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে, ‘দলীয় নেত্ৰী হিচাপে তেওঁৰ প্ৰথম কৰ্তব্য হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সদস্যসকলক প্ৰশিক্ষণ দিয়া । তেওঁ লগতে কয় যে, তেওঁ অনুভৱ কৰিছে যে, ৰাজ্যখনত তৃণমূল কংগ্ৰেছৰ নেতৃত্বই কেৱল হোটেলৰ কোঠাত বহি দলৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে ।’

দুসপ্তাহৰ ভ্ৰমণসূচীৰে ত্ৰিপুৰাত উপস্থিত হোৱা সুস্মিতা দেৱে লগতে কয় যে, দলত নতুন নেতাক আদৰণি জনোৱাৰ সিদ্ধান্ত লোৱাটো দলৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ অধিকাৰ । সুস্মিতা দেৱে কেৱল সমগ্ৰ ত্ৰিপুৰাতে দলটোক সম্প্ৰসাৰণ কৰিব বিচাৰে ।

তেওঁ লগতে কয় যে, যেতিয়া তৃণমূল কংগ্ৰেছে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকৰ অসুবিধাবোৰ বুজিব পাৰিব আৰু চৰকাৰৰ পৰা ৰাজ্যবাসীয়ে কি বিচাৰে সেই বিষয়ে ভালদৰে অৱগত হ'ব পাৰিব, তেতিয়াহে তৃণমূল কংগ্ৰেছে ৰাজ্যখনত নিজৰ ভেঁটি সুদৃঢ় কৰি ৰাইজৰ কাষ চাপিব পাৰিব । সুস্মিতা দেৱে কয় যে, দলৰ শীৰ্ষ নেতাই তেওঁক যি দায়িত্ব অৰ্পণ কৰিছে, সেয়া তেওঁ ভালদৰে কৰি দেখুৱাবলৈ চেষ্টা কৰিব ।

তেওঁ জনায় যে, পশ্চিমবংগৰ জ্যেষ্ঠ সাংসদ আৰু মন্ত্ৰীৰ উপস্থিতিত শীঘ্ৰেই ১৫ দিনীয়া সদস্য ভৰ্তি অভিযান আৰম্ভ কৰা হ'ব আৰু এই অভিযানে প্ৰতিখন জিলাকে সামৰি ল'ব ।

নেত্ৰীগৰাকীয়ে লগতে কয় যে, দলটোৱে সাধাৰণ লোকক সদস্য হিচাপে লৈ প্ৰশিক্ষণ প্ৰদান কৰিব । মণিপুৰ আৰু ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ পূৰ্বৰ ফলাফলৰ কথা সোঁৱৰাই দি তেওঁ কয় যে, দলে অতীতৰ অভিজ্ঞতাৰ কথা সদায় মনত ৰখা উচিত, যাতে দলে পুনৰ একে পৰিণামৰ সন্মুখীন হ'বলগীয়া নহয় । টিপ্ৰা মোথাৰ প্ৰধান প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনে "বৃহত্তৰ টিপ্ৰালেণ্ড"ৰ চৰ্ত ৰখাৰ সন্দৰ্ভত তেওঁ কয় যে, প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ সৈতে এতিয়া কেৱল সৌহাদ্যপূৰ্ণ সম্পৰ্ক আছে ।

কিন্তু তেওঁলোকৰ ৰাজনৈতিক মতাদৰ্শ একে নহয় । গণতন্ত্ৰত সকলোৰে নিজ নিজ দাবী উত্থাপন কৰাৰ অধিকাৰ আছে । তৃণমূল কংগ্ৰেছে এই ক্ষেত্ৰত টিপ্ৰা মোথাক বাধা দিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে ।

তেওঁ কয় যে, তৃণমূল কংগ্ৰেছে কোনো প্ৰাক-নিৰ্বাচনী মিত্ৰতাৰ কথা কোৱা নাই । ইফালে, বিজেপি বিধায়ক সুদীপ ৰয় বৰ্মন সন্দৰ্ভত সুস্মিতা দেৱে কয় যে, তেওঁৰ সৈতে যথেষ্ট ভাল সম্পৰ্ক আছে আৰু প্ৰায়ে তেওঁলোকে ফোনযোগে কথা পাতে । কিন্তু আন দলৰ নেতাক আদৰণি জনোৱাৰ সিদ্ধান্ত লোৱাত তেওঁৰ অধিকাৰ নাই।

আনহাতে, সংবাদমেলখনত ব্ৰত্য বসুৱে কয় যে, ৰাইজে যিকোনো মিত্ৰজোঁটৰ ভাগ্য নিৰ্ণয় কৰে । যদি জনতাই বিচাৰে যে, সকলো বিৰোধী দল বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ'ব পাৰে, তেন্তে সেয়া সম্ভৱ হৈ উঠিব ।


লগতে পঢ়ক:পশ্চিমবংগৰ নিৰ্বাচনোত্তৰ হিংসা তদন্তৰ বাবে 10 জন IPS বিষয়াক নিয়োগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.