অসম

assam

গৰাখহনীয়াত ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ দাবীত মাণিকপুৰত প্ৰতিবাদ

By

Published : Sep 14, 2022, 12:34 PM IST

lurinjyoti gogoi visited erosion hit areas

মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন (Protest in Manikpur) । গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকল এককালীন সাহায্যৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ ফেডাৰেচনৰ ।

মাণিকপুৰ,১৪ ছেপ্টেম্বৰ:বঙাইগাঁও জিলাৰ মাণিকপুৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত ভাৰতীয় গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ উদ্যোগত অৱস্থান ধৰ্মঘট ৷ গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকসকলক এককালীন সাহায্য প্ৰদান কৰাৰ দাবীত এই কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে (Protest in Manikpur) । মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ৩ নং নাচনগুৰীৰ ৩৬ টা ক্ষতিগ্ৰস্ত পৰিয়ালে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা সাহায্য পুঁজিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Demand for relief to victims of erosion) ।

মাণিকপুৰত যুৱ ফেডাৰেচনৰ ধৰ্মঘট: গৰাখহনীয়াত ক্ষতিগ্ৰস্তক এককালীন সাহাৰ্য্য প্ৰদানৰ দাবী

৩ নং নাচনগুৰীৰ ৩৬ টা পৰিয়ালে এককালীন সাহায্য নোপোৱা বুলি পূৰ্বতে চক্ৰ বিষয়াৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ পিছতো আজিলৈকে সাহায্য লাভ কৰা নাই বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে (Victims of erosion allegedly did not get relief) । ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত এককালীন সাহায্য প্ৰদান কৰাৰ ক্ষেত্ৰত অনিয়ম সংগঠিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ।

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্লোগান দি শীঘ্ৰেই ৩ নং নাচনগুৰীৰ ৩৬ টা ক্ষতিগ্ৰস্ত পৰিয়ালক সাহায্য প্ৰদান কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে । অন্যথা অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীৰ নামত ভুৱা একাউন্ট

ABOUT THE AUTHOR

...view details