অসম

assam

Charged against assault and rioting : অধিবক্তাৰ গাত হাত তোলা লাটমণ্ডলৰ বিৰুদ্ধে কিয় নীৰৱ বঙাইগাঁও প্ৰশাসন ?

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 7:44 AM IST

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কাৰ্যালয়ত লাটমণ্ডলৰ আক্ৰমণত আহত অধিবক্তা ৷ এজাহাৰ দাখিল কৰাৰ পিচতো নিৰ্বিকাৰ স্থিতিত আৰক্ষী প্ৰশাসন ৷ এই অভিযোগ স্থানীয় লোকৰ ৷ ক্ষোভিত হৈ পৰিছে স্থানীয় লোক ৷

Latmandal of Srijangram Revenue Circle charged with assault and rioting in bongaigaon
অধিবক্তাৰ গাত হাত তোলা লাটমণ্ডলৰ বিৰুদ্ধে কিয় নীৰৱ বঙাইগাওঁ প্ৰশাসন

মাণিকপুৰ, 20 অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিকা প্ৰশাসন তথা চৰকাৰী বিষয়া-কৰ্মচাৰীক নাকি লগাবলৈ বিভিন্ন পদক্ষেপ হাতত লোৱাৰ পিচতো বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কাৰ্যালয়ত অব্যাহত অৰাজকতা ৷ লাটমণ্ডলে অধিবক্তাক আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ।

সৃজনগ্ৰাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ 3 নং লাটৰ লাটমণ্ডল ছাইদুৰ ৰহমানৰ বিৰুদ্ধে অধিবক্তা জাহিদুল ইছলামে আক্ৰমণ কৰাৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছে ৷ অৱশ্যে এজাহাৰ দাখিল কৰাৰ পিচতো আৰক্ষী তথা জিলা প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে, যোৱা শুকুৰবাৰৰ দিনা দিনৰ প্ৰায় 11.30 বজাত অধিবক্তা জাহিদুল ইছলামে নিজৰ মাটিৰ কাম লৈ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ কাৰ্যালয়ত উপস্থিত হয় । লাটমণ্ডল ছাইদুৰ ৰহমানে দিনৰ প্ৰায় 12 বজাত কাৰ্যালয় ৷ উপস্থিত হৈ কেইজনমান ব্যক্তিৰ সৈতে কাৰ্যালয়ৰ পিচফালে উৎকোচ সম্পৰ্কীয় আলোচনাত ব্যস্ত থাকে ৷ এই অভিযোগ কৰে অধিবক্তা জাহিদুলে । আনকি অধিবক্তাজনে লাটমণ্ডলক নিজৰ স্থানলৈ আহিবলৈ কয় যদিও তেওঁ নাহে বুলি অধিবক্তাজনে অভিযোগ তোলে ।

অধিবক্তাৰ গাত হাত তোলা লাটমণ্ডলৰ বিৰুদ্ধে কিয় নীৰৱ বঙাইগাওঁ প্ৰশাসন

আনকি জংঘলত আলোচনা কৰি থকাৰ ভিডিঅ’ অধিবক্তাজনে কেমেৰাত অৱদ্ধ কৰি থকা প্ৰত্যক্ষ কৰি অধিবক্তাজনক মাৰপিট কৰে বুলিও অভিযোগ তোলে ভুক্তভোগী অধিবক্তাজনে । লাটমণ্ডল ছাইদুৰ ৰহমানে টকা নোহোৱাকৈ কোনো কামে নকৰে আৰু সকলোৰে লগত দুৰ্ব্যৱহাৰ কৰে বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছে ।

আনকি লাটমণ্ডলজনৰ উদ্ভণ্ডালি দিনক দিনে বৃদ্ধি পায় অহাৰ পিচতো বঙাইগাঁও জিলা প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে । লাটমণ্ডলজনক বদলি কৰাৰ বাবে জিলা উপায়ুক্তৰ ওচৰত দাবী জনায় স্থানীয় লোকে ।

উল্লেখ্য যে, লাটমণ্ডল ছাইদুৰ ৰহমানৰ বিৰুদ্ধে বহুলোকে স্বাক্ষৰিত অভিযোগ জিলা উপায়ুক্ত আৰু মহকুমাধিপতি প্ৰেৰণ কৰিছিল যদিও কোনো ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উঠিছে । দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰা বুলি দাবী কৰি অহা ৰাজ্য চৰকাৰখনে অভিযুক্ত লাটমণ্ডলগৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ৷

লগতে পঢ়ক :Mising Olympics at jonai: অক্টোবৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব মিচিং অলিম্পিক

ABOUT THE AUTHOR

...view details