অসম

assam

আই নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম অৰ্ধ শতাধিক পৰিয়াল

By

Published : Jul 27, 2020, 1:53 PM IST

অভয়াপুৰী সমষ্টিৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাঁশবাৰীত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ভাবুকি সৃষ্টি হৈছে জন-জীৱনৰ প্ৰতি ৷ আই নদীৰ এই খহনীয়াত সৰ্বহাৰা হোৱাৰ উপক্ৰম হৈছে অৰ্ধ শতাধিক পৰিয়াল ।

Erosion near aai river bongaigaon assam etv bharat news
আই নদীৰ খহনীয়া অব্যাহত

উত্তৰ অভয়াপুৰী,27 জুলাই:বঙাইগাঁও জিলাত বানৰ সমান্তৰালকৈ সংহাৰী ৰূপ ধাৰণ কৰিছে খহনীয়াই ৷ জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাঁশবাৰীত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ভাবুকি সৃষ্টি হৈছে জন-জীৱনৰ প্ৰতি ৷ আই নদীৰ এই খহনীয়াত সৰ্বহাৰা হোৱাৰ উপক্ৰম হৈছে অৰ্ধ শতাধিক পৰিয়ালৰ । উপায়বিহীন ৰাইজে কাঠ, বাঁহ আদিৰে নিজাববীয়া প্ৰচেষ্টাৰে খহনীয়া ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

নিৰাপদ স্থানলৈ ধাৱমান

আনহাতে, খহনীয়াৰ ফলত অঞ্চলটোৰ এখন গাঁও ক্ৰমাৎ নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱাত গাঁৱবাসীয়ে নিৰাপদ স্থান বিচাৰি আন ঠাইলৈ যাত্ৰা কৰিছে ৷ খহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ লগতে এই দীৰ্ঘদিনীয়া সমস্যাটো শীঘ্ৰে সমাধান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে ৷ উল্লেখ্য যে, প্ৰায় এসপ্তাহ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিবহণ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ সৈতে চিৰাঙৰ লগতে বিজনীৰ কেইবাটাও খহনীয়াই তাণ্ডৱ চলোৱা অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লৈছিল ৷

আই নদীৰ খহনীয়া অব্যাহত

লগতে চাওকঃক্ৰমাৎ উন্নত ৰাজ্যৰ বান পৰিস্থিতি:মৃতকৰ সংখ্যা 102 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details