অসম

assam

বঙাইগাঁৱৰ মানিকপুৰত বানৰ তাণ্ডৱ : ৰাইজৰ মাজত হাহাকাৰ

By

Published : May 26, 2020, 12:28 PM IST

বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখনৰো অধিক গাঁও ৷ বছৰৰ প্ৰথমটো বানে বুৰাই পেলাইছে লুংঝাৰ, বৰবিলা, খৰিবাৰী, পশ্চিম বৰবিলা, ভাটিপাৰা, গাৰোলেটি আদি কৰি কুৰিখনৰো অধিক গাঁও ৷

Flood in Manikpur of Bongaigaon
বঙাইগাঁৱৰ মানিকপুৰত বানৰ তাণ্ডৱ

উত্তৰ অভয়াপুৰী, 26 মে': সমগ্ৰ দেশজুৰি কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে ৰাজ্যত ভুতৰ ওপৰত দানহ পৰাদি বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰিছে ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু মানাহ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বঙাইগাঁও জিলাৰ মানিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখনৰো অধিক গাঁও ৷ বছৰৰ প্ৰথমটো বানে বুৰাই পেলাইছে লুংঝাৰ, বৰবিলা, খৰিবাৰী, পশ্চিম বৰবিলা, ভাটি পাৰা, গাৰোলেটি আদিকে ধৰি বহুকেইখন গাঁও ৷ বানত বুৰিছে গাঁৱকেইখনৰ বিস্তীৰ্ণ কৃষিভূমিৰ লগতে বহু বাসগৃহ ৷

বঙাইগাঁৱৰ মানিকপুৰত বানৰ তাণ্ডৱ

এই বানে উটুৱাই নিয়ে চিৰাজউদ্দিন আজমলৰ সাংসদ পূঁজিৰ 30 লাখ টকাৰ লগতে ৰাইজৰ গাঁঠিৰ 10 লক্ষাধিক টকা ব্যয় কৰি লুংঝাৰ মানাহ নদীৰ ওপৰত নিৰ্মান কৰা কাঠৰ দলঙখন ৷ মানাহ নদীৰ ওপৰত থকা এই দলঙখন বানে উটুৱাই নিয়াত এতিয়া যাতায়ত বিছিন্ন হৈ পৰিছে প্ৰায় 30 খন গাঁৱৰ ৷ গাঁৱসমূহৰ একমাত্ৰ দুৱাৰমুখ মানিকপুৰৰ লগত যোগাযোগ বিছিন্ন হোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে অঞ্চলবাসী ৰাইজৰ ৷ এই ক্ষেত্ৰত চৰকাৰলৈ সহায়ৰ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়কঃৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 548 লৈ বৃদ্ধি

ABOUT THE AUTHOR

...view details