অসম

assam

CRPFৰ উদ্যোগত বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত যোগ সজাগতা অনুষ্ঠান

By

Published : May 20, 2022, 9:56 PM IST

আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day) উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে বিভিন্ন কাৰ্যসূচী । সমান্তৰালভাৱে বিশ্বনাথৰ JNV বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক যোগ প্ৰশিক্ষণৰ ওপৰত উৎসাহ দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হয় এক সজাগতা অনুষ্ঠানৰ(Yoga awareness programme by CRPF) ।

yoga awareness programme at crpf initiative in bishwanath
CRPFৰ উদ্যোগত বিশ্বনাথ চাৰিআলিৰ জৱাহৰ নৱোদয় বিদ্যালয়ত যোগ সজাগতা অনুষ্ঠান

বিশ্বনাথ,২০ মে': বিশ্বনাথ চাৰিআলিৰ JNV বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক যোগ প্ৰশিক্ষণৰ ওপৰত উৎসাহ দিয়া আৰু আগন্তুক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day) উপলক্ষে শুকুৰবাৰে এক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয় । যোগৰ স্বাস্থ্যকৰ জীৱন শৈলী আৰু ইয়াৰ লাভালাভ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা আনিবলৈ শোণিতপুৰ জিলাৰ চাৰিদুৱাৰস্থিত 30BN CRPF ৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰান্তত নিয়মীয়াকৈ যোগৰ সজাগতা অনুষ্ঠান আয়োজন কৰি আহিছে ( Yoga awareness programme by CRPF)।

অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা দীৰ্ঘদিন ধৰি যোগ আসনৰ প্ৰশিক্ষণ আয়োজিত কৰাৰ লগতে আসনৰ বাবে সঠিক ভঙ্গীবোৰ বৰ্ণনা আৰু প্ৰদৰ্শন কৰি আহিছে জনসাধাৰণৰ মাজত । শুকুৰবাৰেও বিশ্বনাথৰ জৱাহৰ নৱোদয় বিদ্যালয়ত 30BN CRPF ৰ সহকাৰী কমাণ্ডেণ্ট বি ভি সিঙে এই যোগাসনত ভাগ লৈ অংশগ্ৰহণকাৰী সকলক দৈনন্দিন জীৱনত যোগৰ গুৰুত্বৰ বিষয়ে কৰিলে অৱগত ।

অংশগ্ৰহণকাৰীসকলক চাপমুক্ত জীৱন যাপন কৰিবলৈ আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবলৈ দৈনিক যোগ ব্যায়াম কৰিবলৈ পৰামৰ্শ দিয়ে । JNV বিদ্যালয়ৰ অধ্যক্ষ নিৰঞ্জন সিঙে সকলো শিক্ষাৰ্থী, শিক্ষক, কৰ্মচাৰী আৰু CRPF জোৱানসকলক তেওঁলোকৰ সুস্বাস্থ্যৰ বাবে শুভেচ্ছা জনাই আৰু যোগক তেওঁলোকৰ স্বাস্থ্যৱান জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে ল'বলৈ আহ্বান জনায় ।

লগতে পঢ়ক:KAAC Election 2022: কংগ্ৰেছৰ প্ৰথমখন ২২ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details