অসম

assam

বিশ্বনাথ নগৰত ভয়াবহ পথ দুৰ্ঘটনাঃ আহত এক

By

Published : Dec 24, 2020, 10:58 PM IST

বিশ্বনাথ নগৰত ভয়াবহ পথ দুৰ্ঘটনা আহত এক
বিশ্বনাথ নগৰত ভয়াবহ পথ দুৰ্ঘটনা আহত এক

উল্লেখ্য যে বিশ্বনাথ নগৰত স্থানীয় লোকৰ পৰা জানিব পৰা মতে বিশ্বনাথৰ জয়পুৰ গাওঁৰ ৰমাই দৈমাৰী নামৰ যুৱক জন গহপুৰৰ অভিমূখে গৈ থকা অৱস্থাত বিশ্বনাথ নগৰ অভিমূখে এখন ট্ৰাক আহি থকা অৱস্থাত মুখামুখি ভাবে সংঘৰ্ষ হয় ।

বিশ্বনাথ ২৪ ডিচেম্বৰ : বৃহস্পতিবাৰে বিয়লি বিশ্বনাথ চাৰিআলি বিশ্বনাথ নগৰত পথ দুৰ্ঘটনা সংঘটিত হয় । তীব্ৰবেগী ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱক । বিয়লি প্ৰায় ২ মান বজাত বিশ্বনাথ নগৰৰ বাজাজ ডিলাৰৰ সন্মূখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা । উল্লেখ্য যে বিশ্বনাথ নগৰত স্থানীয় লোকৰ পৰা জানিব পৰা মতে বিশ্বনাথৰ জয়পুৰ গাওঁৰ ৰমাই দৈমাৰী নামৰ যুৱক জন গহপুৰৰ অভিমূখে গৈ থকা অৱস্থাত বিশ্বনাথ নগৰ অভিমূখে এখন ট্ৰাক আহি থকা অৱস্থাত মুখামুখি ভাবে সংঘৰ্ষ হয় ।

বিশ্বনাথ নগৰত ভয়াবহ পথ দুৰ্ঘটনা আহত এক

মটচাইকেল আৰোহী জন ট্ৰাকৰ তলত সোমাই যায় যাৰ ফলত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হয় । কিন্তু কথমপি প্ৰান ৰক্ষা পৰে মটৰ চাইকেল আৰোহী ৰমাই দৈমাৰীৰ । দুৰ্ঘটনাত যদিও প্ৰান ৰক্ষা পৰে ৰমাই দৈমাৰীৰ তথাপিও এখন ভৰি ভাঙে বুজি জানিব পৰা গৈছে । ইফালে ততাতৈয়াকৈ স্থানীয় লোক আৰু আৰক্ষীয়ে আহত মটৰ চাইকেল আৰোহী ৰমাইক বিশ্বনাথ অসামৰিক চিকিৎসালয়লৈ যায় । ইফালে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনো আৰক্ষীয়ে জব্দ কৰি বিশ্বনাথ চাৰিআলি আৰক্ষী থানালৈ যায় ।

লগতে পঢ়ক :অসম জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত যোগদান কাৰ্যসূচী

TAGGED:

ABOUT THE AUTHOR

...view details