অসম

assam

Ayushmann Card Scam: বিশ্বনাথত আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ

By

Published : Aug 2, 2022, 10:01 AM IST

বিশ্বনাথত আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত প্ৰৱঞ্চনা(Fraud in name of making Ayushmann Cards) । আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ কৰা দুজন কৰ্মচাৰীক আটক কৰিলে আৰক্ষীয়ে । কৰ্মচাৰী দুজনে আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত সংগ্ৰহ কৰিছিল ১৫০ টকাকৈ(Corruption in making Ayushmann Cards) ।

raising money in name of ayushmann card
বিশ্বনাথত আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ

বিশ্বনাথ,২ আগষ্ট: বিশ্বনাথত আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত দুজন কৰ্মচাৰীক আটক কৰে আৰক্ষীয়ে । কাম বন্ধ ৰখাৰ পাছতো এটা কোম্পানীৰ দুজন কৰ্মচাৰীয়ে ধন সংগ্ৰহৰ লক্ষ্যৰে বিশ্বনাথৰ ভিৰগাঁৱত কাম চলাই আছিল(Corruption in making Ayushmann Cards) ।

জানিব পৰা মতে, জেফৰ নামৰ কোম্পানীটোৱে আয়ুষ্মান কাৰ্ডৰ কাম কৰি আছিল যদিও বিশ্বনাথ জিলাত কাম বন্ধ ৰখা হৈছিল । কিন্তু, তাৰ পিছতো বিশ্বনাথৰ উত্তৰ ভিৰগাঁৱত কাম চলাই আছিল কোম্পানীটোৱে । কোম্পানীটোত কৰ্মৰত লোকসকলে ৰাইজৰ পৰা এখন কাৰ্ড বনোৱাৰ নামত ১৫০ টকাকৈ সংগ্ৰহ অভিযোগ উত্থাপন হৈছিল (Making Ayushmann Card for Rs 150) ।

বিশ্বনাথত আয়ুষ্মান কাৰ্ড বনোৱাৰ নামত ধন সংগ্ৰহ

বিশ্বনাথ জিলাৰ সহকাৰী আয়ুক্ত কংকনা শইকীয়াই জানিবলৈ দিয়া অনুসৰি গাঁওৰক্ষী বাহিনীয়ে জিলা প্ৰশাসনক অৱগত কৰিছিল উত্তৰ ভিৰগাঁৱত ১৫০ টকাৰ বাবদ আয়ুষ্মান কাৰ্ড বনাই থকাৰ বিষয়ে । সেই খবৰৰ ভিত্তিতে ভিৰগাঁৱৰ নামঘৰত সোমবাৰে সহকাৰী আয়ুক্ত কংকনা শইকীয়া আৰু বিশ্বনাথ আৰক্ষীৰ এটা দল উপস্থিত হয় । আৰু উত্তৰ ভিৰগাঁৱৰ নামঘৰত আয়ুষ্মান কাৰ্ডৰ কাম চলাই থকা কোম্পানীটোত কৰ্মৰত দুজন কৰ্মচাৰীক হাতে লোতে ধৰা পেলাই । পৰৱৰ্তী সময়ত দুয়োজনকে আটক কৰি অধিক তথ্যৰ সন্ধানত জেৰা চলাই আৰক্ষীয়ে ।

লগতে পঢ়ক:KAAC awareness programme : কাৰ্বি আংলঙত গুণগত শিক্ষাৰ বাবে সজাগতা অভিযান কাৰ্যসূচী

ABOUT THE AUTHOR

...view details