অসম

assam

বিশ্বনাথত অৰুণোদয় মাহৰ শুভাৰম্ভণী

By

Published : Aug 21, 2022, 12:55 PM IST

ৰাজ্যখনত কেইমাহমান পূৰ্বে বানে ক্ষতিগ্ৰস্ত কৰা লোকসকলক পুনৰ সংস্থাপনৰ বাবে সাহায্য বিতৰণ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে(State government distributed cheque for flood affected people)। ৰাজ্য়ৰ আন জিলাৰ লগতে বিশ্বনাথ জিলাতো আৰম্ভ কৰা হৈছে পুনৰ সংস্থাপনৰ বাবে সাহায্য বিতৰণ অনুষ্ঠান । একেটা অনুষ্ঠানতেই অৰুণোদয় মাহৰ শুভাৰম্ভ কৰা হয় ।

Arunoday month start in Biswanath
বিশ্বনাথত অৰুণোদয় মাহৰ শুভাৰম্ভ

বিশ্বনাথ, ২১ আগষ্ট: অৰুণোদয় আঁচনিৰ কাৰ্যকৰীকৰণ আৰু প্ৰভাৱ নিৰ্ধাৰণ কৰাৰ লগতে অসমৰ আৰ্থিকভাৱে পিছপৰা মহিলাসকল যাতে লাভান্বিত হয় সেই উদ্দেশ্যে ২০ আগষ্টৰ পৰা ২০ ছেপ্টেম্বৰলৈ ৰূপায়িত হ'ব অৰুণোদয় মাহ-২০২২ (Orunodoi Month 2022)৷ বিশ্বনাথ জিলাতো (Orunodoi Month start in Biswanath) শনিবাৰে শুভাৰম্ভ কৰা হয় । বিশ্বনাথৰ হিমালয় ভৱনত অনুষ্ঠিত এখন সভাত অৰুণোদয় মাহৰ শুভাৰম্ভ কৰে বিশ্বনাথৰ অভিভাৱক সচিৱ, মীন বিভাগৰ আয়ুক্ত সচিব তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ পৰিচালন সঞ্চালক (Managing Director of Assam Power Distribution Company) ৰাকেশ কুমাৰে।

ৰাজ্যখনত কেইমাহমান পূৰ্বে বানে ক্ষতিগ্ৰস্ত কৰা লোকসকলক পুনৰ সংস্থাপনৰ বাবে সাহায্য বিতৰণ আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে (State government distributed cheque for flood affected people)। ৰাজ্য়ৰ আন জিলাৰ লগতে বিশ্বনাথ জিলাতো আৰম্ভ কৰা হৈছে। উক্ত অনুষ্ঠানত জিলাখনত বানত ক্ষতিগ্ৰস্ত হোৱা মুঠ ৭৫টা পৰিয়ালক আৰ্থিক অনুদান বিতৰণৰো শুভাৰম্ভ কৰা হয় (Cheque for flood victims)।

বিশ্বনাথত অৰুণোদয় মাহৰ শুভাৰম্ভ

তথ্য অনুসৰি বিগত বানত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱা ৯ টা পৰিয়ালক (পকা ঘৰৰ বাবে) ৯৫,১০০ টকাকৈ প্ৰদান কৰা হয় । আনহাতে,আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱা ৫টা পৰিয়ালক ৫২০০ টকাকৈ প্ৰদান কৰা হয় ।

উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানটোত বিধায়ক উৎপল বৰা (MLA Utpal Bora) আৰু প্ৰমোদ বৰঠাকুৰে (MLA Pramod Borthakur) অৰুণোদয় মাহ ৰূপায়নৰ বাবে দায়িত্বপ্ৰাপ্ত সকলক সেই কাম সুচাৰুৰূপে সম্পাদন কৰিবলৈ আহ্বান জনায় । সমাজকৰ্মী কন্দৰ্প হাজৰিকাই অনুষ্ঠানটোৰ আঁত ধৰে ।

বিশ্বনাথত অৰুণোদয় মাহৰ শুভাৰম্ভ

উল্লেখ্য যে, অৰুণোদয় মাহ ৰূপায়নৰ বাবে সমগ্ৰ জিলাখনত অৰুণোদয় হিতাধিকাৰীসকলৰ জৰীপ কৰিবলৈ ৮১ গৰাকী ছুপাৰভাইজাৰ আৰু ৩২৪ গৰাকী টীম মেম্বাৰক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰি দায়িত্ব ন্যস্ত কৰা হৈছে । এই জিলাখনত ৪৭,৫০০গৰাকী অৰুণোদয় হিতাধিকাৰী আছে ।

উল্লেখ্য় যে, উক্ত অৰুণোদয় মাহত পৰিদৰ্শনকাৰী দলে অৰুণোদয় হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ সমীক্ষাৰ জৰিয়তে তথ্য সংগ্ৰহ কৰি ম'বাইল এপ্লিকেশ্যনত (Mobile Application) লিপিবদ্ধ কৰিব । তদুপৰি এই প'ৰ্টেলৰ জৰিয়তে স্বচ্ছ আৰু নিকাভাৱে সকলো হিতাধিকাৰীৰ নাম, ঠিকনা আৰু আনুসাংগিক তথ্য অন্তর্ভুক্ত কৰা হ'ব । এই অনুষ্ঠানটোত বিধায়ক প্ৰমোদ বৰঠাকুৰ, উৎপল বৰা, উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, বিশ্বনাথ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ সূত্ৰধৰ, অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মা, সহকাৰী আয়ুক্ত অনন্যা লহকৰৰ উপৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক:চাহ বাগিচাত তাৰকাযুক্ত হোটেল নিৰ্মাণক লৈ আটছাৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details