অসম

assam

Guinness Book of World Records: বিশ্বনাথৰ বিহুতলীত মন্ত্ৰী পীযুষ হাজৰীকা

By

Published : Apr 2, 2023, 10:08 PM IST

এইবেলি ব'হাগতে বিশ্বমুখী হ'ব বিহু । বিহুক বিশ্বমুখী কৰাৰ প্ৰচেষ্টাত হাত উজান দিছে ৰাজ্য চৰকাৰে । অহা ১৪ এপ্ৰিলত প্ৰায় ১০ হাজাৰৰো অধিক বিহুৱা-নাচনীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিব বিহু নৃত্য । তাৰে প্ৰস্তুতি সম্পৰ্কে বুজ ল'বলৈ গহপুৰত উপস্থিত হয় মন্ত্ৰী পীয়ুষ হাজৰীকা (Minister Pijush Hazarika at Bihu dance workshop) ।

Minister Pijush Hazarika at Bihu dance workshop
বিশ্বনাথৰ বিহুতলীত মন্ত্ৰী পীযুষ হাজৰীকা

বিশ্বনাথ,২ এপ্ৰিল: আদৰৰ ৰঙালী পালেহি পদূলি, দুৰণিত গৰজিলে ঢোলে (Rangali Bihu 2023) । উজনি-নামনিত উখল মাখল-পৰিৱেশ । ৰঙালী বিহু বুলি ক'লে উলাহে নধৰে অসমীয়া ৰাইজ তথা ঢুলীয়া-নাচনীৰ । তাতে আকৌ এইবাৰ অসমীয়াৰ প্ৰাণৰ বিহুক বিশ্বমুখী কৰাৰ উদ্দেশ্য অসম চৰকাৰৰ । অহা ১৪ এপ্ৰিলত প্ৰায় ১০ হাজাৰৰো অধিক বিহুৱা-নাচনীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত পৰিৱেশন কৰিব বিহু নৃত্য(Guinness Book of World Records through Bihu) ৷ লক্ষ্য গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়াৰ ।

গহপুৰতো প্ৰায় ১০০ গৰাকী নাচনীয়ে কৰিছে বিহুৰ আখৰা

সেয়ে ৰাজ্যৰ জিলাই জিলাই তীব্ৰতৰ হৈছে বিহুৰ আখৰা (Bihu dance workshop across Assam) । সাজু হৈছে প্ৰতিখন জিলাৰ বিহুৱা-নাচনী । ৰৈ থকা নাই বিশ্বনাথ জিলাৰ বিহুৱা-নাচনীসকলো । জিলাখনৰ কেইবাটাও প্ৰান্তৰ লগতে গহপুৰতো প্ৰায় ১০০ গৰাকী নাচনীয়ে কৰিছে বিহুৰ আখৰা । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাপতি সাহোন বিহুটিক বিশ্ব দৰবাৰত উপস্থাপন কৰাৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভূক্তিৰ বাবে গুৱাহাটীত আয়োজন কৰা 'মেগা বিহু'ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সমগ্ৰ অসমৰ লগতে বিশ্বনাথ গহপুৰ বিহালী সমষ্টিত বিশ্বনাথ মহকুমা প্ৰশাসনৰ উদ্যোগত বিহুনাচৰ অনুশীলন কৰি থকা হৈছে ।

বিশ্বনাথৰ বিহুতলীত মন্ত্ৰী পীযুষ হাজৰীকা

বিশ্বনাথ মহকুমা আৰু গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা ১০০ৰো অধিক বিহুৱা আৰু নাচনী বাচনি কৰি আখৰা কৰি থকা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতে শনিবাৰে দিনৰ ১১ বজাত গহপুৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু বিশেষ প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা চলি থকা আখৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই(Minister Pijush Hazarika at Bihu dance workshop) ।

এই আখৰা কাৰ্যসূচী পৰিদৰ্শন কৰাৰ পাচতে বিয়লি ২.৩০ বজাত বিহালী খণ্ড উন্নয়ন আৰু বিশ্বনাথ মহকুমা প্ৰশাসনৰ উদ্যোগত চলি থকা বিহু নাচ অখৰা কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত হৈ বিহু নৃত্যৰ আখৰা উপভোগ কৰি(Assam Bihu Guinness book of world records) বিহু পৰ্যৱেক্ষণ কৰাৰ লগতে বিহুৱা-নাচনীসকলক উৎসাহিত কৰি তোলাৰ বাবে মত বিনিময় কৰে মন্ত্ৰীগৰাকীয়ে । মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে বিশ্বনাথৰ মহকুমাধিপতি , বিধায়ক ৰঞ্জিত দত্তৰ লগতে প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল ।

লগতে পঢ়ক:Weaving Training Workshop; বিহুত প্ৰতিটো পৰিয়ালকে ক্ৰয় কৰক এখনকৈ থলুৱা গামোচা : মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details