ETV Bharat / state

Weaving Training Workshop; বিহুত প্ৰতিটো পৰিয়ালকে ক্ৰয় কৰক এখনকৈ থলুৱা গামোচা : মুখ্যমন্ত্ৰী

author img

By

Published : Apr 1, 2023, 10:39 PM IST

সমাগত অসমীয়াৰ প্ৰাণৰ ৰঙালী বিহু (Rangali Bihu 2023)৷ বিহুত চেনাইক বিহুৱান দিবলৈ সাজু হৈছে চেনেহীসকল ৷ অসমৰ বজাৰতো থলুৱা গামোচাৰ প্ৰয়োভৰ কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত মহানগৰীৰ লতাশিল খেলপথাৰত আয়োজন কৰা হৈছে বয়ন প্ৰশিক্ষণ কৰ্মশালা ৷ য’ত কেবাগৰাকীও শিপিনীয়ে গ্ৰহণ কৰি আছে প্ৰশিক্ষণ ৷

Assam CM visited Weaving Training Workshop at Latasil
বয়ন প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

বয়ন প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, ১ এপ্ৰিল : ‘‘বিহুত অসমৰ প্ৰতিটো পৰিয়ালকে এখনকৈ থলুৱা গামোচা ক্ৰয় কৰক ৷ পূৰ্বতে ঘৰত কিনি থোৱা পাৱাৰলুমৰ গামোচা এইবাৰৰ বিহুত ব্যৱহাৰ নকৰিব ৷ এইবাৰ বিহুত অসমত বাস কৰা প্ৰতিটো পৰিয়ালে এখনকৈ গামোচা ক্ৰয় কৰক ৷ তেনেহ’লে বিহুত ৬০ লাখ গামোচা বিক্ৰী হ’ব (Rangali Bihu 2023) ৷’’ লতাশিল খেলপথাৰত অনুষ্ঠিত বয়ন প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত হৈ শনিবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

উল্লেখ্য যে, চাৰিদিনীয়া কাৰ্যসূচীৰে ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিল লৈ লতাশিল খেলপথাৰত অনুষ্ঠিত হৈ আছে বয়ন প্ৰশিক্ষণ কৰ্মশালা ৷ ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত গুৱাহাটী মহানগৰ জিলা মহিলা মৰ্চা আৰু হস্ততাত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ সহযোগিতাত লতাশিল খেলপথাৰত অনুষ্ঠিত কৰা হৈছে এই বয়ন কৰ্মশালা ৷ নৱপ্ৰজন্মক বয়ন শিল্পৰ লগত একাত্ম কৰাৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে মহিলা মৰ্চাই (Assam CM visited Weaving Training Workshop)।

প্ৰথমবাৰৰ বাবে বিজেপি মহিলা মৰ্চাৰ দ্বাৰা লতাশিলত অনুষ্ঠিত কৰা হৈছে এই বয়ন প্ৰশিক্ষণ কৰ্মশালা ৷ য’ত তাঁতশাল আছে ২০ খন আৰু শিপিনী আছে মুঠ ২৫ গৰাকী । এই প্ৰশিক্ষণত গামোচা কেনেকৈ বয়, শিপিনীসকলে তাঁতশালত কেনেকৈ কাম কৰে - সেই বিষয়ত আভাস দিয়া হয় ৷ লগতে এই প্ৰশিক্ষণৰ সময়চোৱাত অৰ্থাৎ ৪ দিনত ২০০ খন গামোচা তৈয়াৰ কৰি উলিওৱাৰ লক্ষ্য হাতত লৈছে ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চাই ।

শনিবাৰে এই বয়ন প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত হৈ অসমত পাৱাৰলুম একেবাৰে নিষিদ্ধ হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ অৱশ্যে বিভিন্ন সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হস্ততাঁত বস্ত্ৰ বিভাগ আৰু প্ৰশাসনৰ অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ গামোচা (Operation against power looms Gamucha) ৷ হস্ততাঁত বস্ত্ৰ বিভাগ আৰু প্ৰশাসনৰ এই তৎপৰতাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে থলুৱা শিপীনীসকল ৷

লগতে পঢ়ক : Operation against power looms products : নাহৰকটীয়া জব্দ 89 খনৰো অধিক বহিঃৰাজ্যৰ পাৱাৰলুমৰ গামোচা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.