অসম

assam

corruption in gaon panchayat: পথ নিৰ্মাণৰ নামত অবাধ দুৰ্নীতিৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 5:46 PM IST

বিশ্বনাথ জিলাৰ চতিয়াৰ ২ নং চতিয়া গাওঁ পঞ্চায়তত এটা পথে জ্বলা-কলা দেখুৱাইছে স্থানীয় ৰাইজক ৷ পথ নহয় যেন ডাঙৰ ডাঙৰ গাঁতসদৃশ পুখুৰীহে ৷

Etv Bharatcorruption in gaon panchayat
Etv Bharatপথ নিৰ্মাণৰ নামত অবাধ দুৰ্নীতিৰ অভিযোগ

পথ নিৰ্মাণৰ নামত অবাধ দুৰ্নীতিৰ অভিযোগ

বিশ্বনাথ, ২৭ ছেপ্টেম্বৰ : পথ নে পুখুৰী ? বিশ্বনাথ জিলাৰ চতিয়াৰ ২ নং চতিয়া গাওঁ পঞ্চায়তত এটা পথে জ্বলা-কলা দেখুৱাইছে স্থানীয় ৰাইজক ৷ যোৱা ২০২০-২১ বৰ্ষতে চেনিমাৰী আৰু দোলাপানী সংযোগী পথটো নিৰ্মাণৰ বাবে প্ৰায় ৫ লাখ টকাৰ আবণ্টন কৰা হৈছিল ৷ কিন্তু ইয়াৰে ৩.৪৮ লাখ শ্ৰমিকৰ বাবে আৰু ১.৩৮ লাখ সামগ্ৰীৰ নামত ধাৰ্য্য কৰা হৈছিল। কিন্তু এই আচঁনিখনে যি দৰে কাম কৰিব লাগিছিল সেই দৰে কাম নকৰি তাৰ অধিকাংশ ধন গাওঁ পঞ্চায়ত প্ৰতিনিধি চৰকাৰী বিষয়াই হৰলুকি কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

ইফালে এই আচঁনিৰ দুৰ্নীতিত পঞ্চায়তে দায়িত্ব প্ৰদান কৰা অভিযন্তা, খণ্ড উন্নয়ন বিষয়া আৰু পঞ্চায়ত সচিব প্ৰতিনিধি জড়িত থকা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি পথটো নিৰ্মাণৰ নামত মাত্ৰ কেইগাড়ী মান মাটি পেলায়েই সমুদায় ধন হজম কৰিলে পঞ্চায়ত প্ৰতিনিধি আৰু অভিযন্তাই। এতিয়া পথটোৰ মাজ ভাগতে প্ৰকাণ্ড পুখুৰী সদৃশ গাঁত।

এক কথাত এতিয়া পথটোৱেদি সাঁতুৰিয়ে পাৰ হ’ব লগা হয় এই পথটোৱে অহাযোৱা কৰা পথচাৰীয়ে ৷ এই দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত কৰি ব্যৱস্থা লোৱাৰ আহ্বান স্থানীয় জনসাধাৰণৰ ৷

ভুক্তভোগী লোকে কয়, "আমি ভাষাৰে বুজাব নোৱাৰোঁ, আমি কিমান যন্ত্ৰণা ভুগি আছোঁ ৷ এইবাৰ বানত আমি এবুকু পানীত সাঁতুৰি সাঁকোত উঠিবলগীয়া হৈছে ৷ আমি জনামতে পঞ্চায়তৰ কাউন্সিলাৰ ৰঞ্জন অধিকাৰীয়ে পথটোৰ কাম হাতত লৈছিল, কিন্তু তেওঁ কি কৰিলে আমি ধৰিব পৰা নাই, আমি জনামতে তেওঁৱেই ধনখিনি আত্মসাৎ কৰিছে বুলি গম পাইছোঁ ৷ আমি বিধায়ক পদ্ম হাজৰিকাক এই পথ মেৰামতিৰ নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাইছো ৷ "

লগতে পঢ়ক:Ayushman Excellence Award 2023: অসমলৈ কেন্দ্ৰৰ ২ আয়ুস্মান উৎকৃষ্টতাৰ পুৰস্কাৰ

ABOUT THE AUTHOR

...view details