অসম

assam

গহপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দিলে কেইবাটাও ভাল খবৰ

By

Published : Sep 20, 2022, 10:38 PM IST

গহপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দিলে কেইবাটাও ভাল খবৰ
গহপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দিলে কেইবাটাও ভাল খবৰ ()

শ্বহীদ কনকলতা বৰুৱাৰ নামত উচৰ্গা কৰি মুকলি কৰা হ’ল গহপুৰ মহকুমা অসামৰিক চিকিৎসালয় (Gohpur Sub Divisional Civil Hospital)৷ ভোলাগুৰি চাহ বাগিচাক ঐতিহ্যস্থলীৰূপে প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ গহপুৰ আৰক্ষী থানা সংৰক্ষণৰ ব্যৱস্থাৰ কথা ক’লে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

বিহালী, ২০ ছেপ্টেম্বৰ: আজিৰ দিনটোতে ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনত(Quit India Movement) গহপুৰ থানাত পতাকা উৰুৱাবলৈ গৈ ব্ৰিটিছৰ গুলী বুকুত পাতি আত্মবলিদান দিছিল বীৰাংগনা শ্বহীদ কনকলতা বৰুৱা আৰু বীৰ শ্বহীদ মুকুন্দ কাকতিয়ে । আজিৰ এই ঐতিহাসিক দিনটোত গহপুৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

গহপুৰত উপস্থিত হৈ ১৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা ১০০ খন বিছনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়খন মুকলি কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Gohpur Sub Divisional Civil Hospital)। উল্লেখযোগ্য যে এই চিকিৎসালয়খন যোৱা ২০১৯ চনৰ ১০ মাৰ্চত মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিছিল । ইফালে গহপুৰৰ বৰপুখুৰী পাৰত থকা দুই শ্বহীদ কনকলতা বৰুৱা(Kanaklata Barua) আৰু মুকুন্দ কাকতি আৱক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰীয়ে ।

গহপুৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই দিলে কেইবাটাও ভাল খবৰ

আনহাতে কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ প্ৰাণ আহুতি দিয়া স্থান গহপুৰ আৰক্ষী থানা পৰিদৰ্শন কৰি সংৰক্ষণৰ ব্যৱস্থাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ঐতিহাসিক থানাখন জাকত-জিলিকা কৰি তুলিবলৈ জিলা উপায়ুক্ত নিদেশ দিয়া হ'ব বুলি কয় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (Gohpur Police Station)।

গহপুৰ আৰক্ষী থানা পৰিদৰ্শনৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ পোনে-পোনে ১০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ঘাঁহিগাঁওস্থিত ক্ৰীড়া প্ৰকল্পৰ শুভ উদ্বোধন কৰে ৷ ক্ৰীড়া প্ৰকল্পটোৰ বাবে অতিৰিক্ত বাবে ১৫ কোটি টকা আৱন্টন দিয়াৰ কথা ঘোষণা কৰাৰ ওপৰিও গহপুৰৰ ভোলাগুৰি চাহ বাগিচাক ঐতিহ্যস্থলীৰূপে প্ৰতিষ্ঠা কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ মুকলি সভাত মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংসদ পল্লৱ লোচন দাস, বিধায়ক উৎপল বৰা, বিধায়ক ৰঞ্জিত দত্ত আৰু বিধায়ক প্ৰমোদ বৰঠাকুৰেও অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:ৰাজ্যৰ 11834 গৰাকী বিধৱা মহিলালৈ ইন্দিৰা মিৰি সৰ্বজনীন বিধৱা পেন্সন

ABOUT THE AUTHOR

...view details