অসম

assam

ক’ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বিশ্বনাথ প্ৰশাসন

By

Published : Apr 24, 2021, 6:40 AM IST

বৃহস্পতিবাৰলৈকে জিলাখনত সৰ্বমুঠ ৩,১৫০ টা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ তদুপৰি দৈনিক ২০০০ টা পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লৈছে বিশ্বনাথ প্ৰশাসনে । এই পৰীক্ষাসমূহৰ ভিতৰত মাত্ৰ ১৪ গৰাকী লোকৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি পোৱা গৈছে ।

biswanath covid precaution
ক’ভিড পৰীক্ষা আৰু চেনিটাইজেশ্যনক অগ্ৰাধিকাৰ বিশ্বনাথ জিলা প্ৰশাসনৰ

বিশ্বনাথ,24 এপ্ৰিল: বাঢ়ি অহা ক’ভিড আক্ৰান্তৰ সংখ্যাৰ প্ৰতি গুৰুত্ব দি বিশ্বনাথৰ জিলা প্ৰশাসনে জিলাখনত ক’ভিডৰ পৰীক্ষা কাৰ্য আগবঢ়াই নিছে । সমান্তৰালকৈ বিশ্বনাথ পৌৰসভা আৰু খণ্ড উন্নয়ন কাৰ্যালয়ৰ দ্বাৰা ৰাজহুৱা স্থানসমুহ নিয়মিতভাৱে চেনিটাইজেশ্যন কৰি থকা হৈছে । বৃহস্পতিবাৰলৈকে জিলাখনত সৰ্বমুঠ ৩,১৫০ টা পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ তদুপৰি দৈনিক ২০০০ টা পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্য বান্ধি লৈছে বিশ্বনাথ প্ৰশাসনে । এই পৰীক্ষাসমূহৰ ভিতৰত মাত্ৰ ১৪ গৰাকী লোকৰ শৰীৰত কৰ’ণাৰ অৱস্থিতি পোৱা গৈছে ।

ক’ভিড পৰীক্ষা আৰু চেনিটাইজেশ্যনক অগ্ৰাধিকাৰ বিশ্বনাথ জিলা প্ৰশাসনৰ

জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই ক্ষীপ্ৰতাৰে কৰ’ণাৰ পৰীক্ষা আৰু ক’ভিড প্ৰট’কল মানি চলিলেহে এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰা সম্ভৱ বুলি মন্তব্য আগবঢ়ায় ৷ ইতিমধ্যে জিলাখনত সকলো প্ৰকাৰৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ তদুপৰি সকলোকে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনায় উপায়ুক্তগৰাকীয়ে ৷

জিলা উপায়ুক্ত গৰাকীয়ে খণ্ড উন্নয়ন বিষয়া আৰু গাওঁবুঢ়াসকলক বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ ওপৰত চোকা দৃষ্টি ৰখাৰ লগতে তেওঁলোকৰ বিষয়ে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক তৎক্ষণাত অৱগত কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

বিশ্বনাথৰ অতিৰিক্ত জিলা উপায়ুক্ত লিজা তালুকদাৰে কয় যে, "আমাৰ মূল উদ্দেশ্য হৈছে ভাইৰাছ বিয়পোৱাত বাধা দিয়া । আমি দৈনিক ১২ টাতকৈও অধিক স্থানত ৰেপিড এণ্টিজেন টেষ্ট সম্পন্ন কৰি আহিছো । লগতে প্ৰতিষেধক প্ৰদান কাৰ্য অব্যাহত ৰাখিছো"৷

ক’ভিড পৰীক্ষা আৰু চেনিটাইজেশ্যনক অগ্ৰাধিকাৰ বিশ্বনাথ জিলা প্ৰশাসনৰ

ইফালে নিজ ঘৰতে আছুতীয়াকৈ থকা ক’ভিড ৰোগীয়ে যাতে সম্পূৰ্ণৰূপে ক’ভিডৰ নিয়মসমূহ মানি চলে তাৰ নিৰীক্ষণৰ বাবে চক্ৰ বিষয়াসকলৰ অধীনত আশাকৰ্মীসকলৰ দ্বাৰা টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে ।

লগতে পঢ়ক: ক'ভিডৰ ভয়াৱহ সংক্ৰমণ: তৎপৰ মন্ত্রী হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details