অসম

assam

Agriculture Department Awareness meeting : বিশ্বনাথ জিলা কৃষি বিভাগৰ সজাগতা সভা

By

Published : Nov 12, 2022, 10:53 PM IST

ছয়দুৱাৰত বিশ্বনাথ জিলা কৃষি বিভাগৰ সজাগতা সভা (Awareness meeting of Department of Agriculture) ৷ কৃষিখণ্ডত সংযোজন ঘটা শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ সুবিধা ল’বলৈ আহ্বান কৃষি বিভাগৰ ৷

Agriculture Department Awareness meeting in Biswanath
ছয়দুৱাৰত বিশ্বনাথ জিলা কৃষি বিভাগৰ সজাগতা সভা

বিশ্বনাথ, 12 নৱেম্বৰ:বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত ছয়দুৱাৰ কৃষক উৎপাদক সংস্থা লিমিটেডৰ কৃষকসকলৰ সৈতে আজি গহপুৰৰ ঘাহিগাঁৱৰ টেলিনি গাঁৱত এক সজাগতা সভা আয়োজন কৰা হয় (Awareness meeting of Department of Agriculture)। সজাগতা সভাত অংশগ্ৰহণ কৰে শতাধিক কৃষকে ।

আজিৰ অনুষ্ঠানটিত বিশ্বনাথৰ প্ৰাক্তন জিলা কৃষি বিষয়া বিজয় দত্ত, বিশ্বনাথৰ জিলা কৃষি বিষয়া কাৰ্যালয়ৰ কাৰ্যসূচী বিষয়া দিব্যাশ্ৰী শইকীয়া, ছয়দুৱাৰ এফ পি চিৰ অধ্যক্ষ বিনোদ পাণ্ডে, কল্যানপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী লখিমী বৰদলৈ, কৃষি সহকাৰী পৰিদৰ্শক লক্ষী নাথ, ছয়দুৱাৰ ব্লকৰ বি.টি.এম কৃষ্ণ ডিহিঙীয়া, বি.টি.এম আৰু বিহালী কৃষি বীমা কোম্পানীৰ সদস্যসকল উপস্থিত থাকে।

সজাগতা সভাখনিত কৃষি বিষয়া কাৰ্যালয়ৰ কাৰ্যসূচী বিষয়া দিব্যাশ্ৰী শইকীয়াই নাতিদীৰ্ঘ ভাষনত উপস্থিত কৃষকসকলৰ বাবে এফ পি চিৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ বিষয়ে বিশদভাৱে বাখ্যা আগবঢ়ায় । ইফালে বিটিএ কৃষ্ণ দিহিঙীয়াই সকলোকে PM KISAN ত নামভৰ্তি কৰিবলৈ আৰু চলি থকা ধান ক্ৰয়ৰ পঞ্জীয়নৰ লগতে আঁচনিসমূহৰ সুবিধা ল’বলৈ কৃষকসকলক আহ্বান জনায় ।

ছয়দুৱাৰত বিশ্বনাথ জিলা কৃষি বিভাগৰ সজাগতা সভা

অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ কাৰিকৰী গৱেষক পংকজ বৰুৱাই কেন্দ্ৰীয় চৰকাৰে কৃষিখণ্ডত সংযোগ কৰা শেহতীয়া প্ৰযুক্তি মিনি কম্বাইণ্ড হাৰ্ভেষ্টাৰৰ (Mini Combine Harvester) সুবিধা ল’বলৈ কৃষকসকলক উৎসাহিত কৰে । লগতে তেওঁ বীমা কোম্পানীৰ প্ৰতিনিধিয়ে কৃষকসকলক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ উপকাৰিতাৰ বিষয়ে বিৱৰণ দাঙি ধৰে ।

উল্লেখযোগ্য যে এইবাৰ বিশ্বনাথ জিলাৰ গ্ৰীষ্মকালীন ধানৰ বাবে কৃষকসকলে সৰিয়হ, আলু আৰু বড়ো ধানৰ বীমাৰ সুবিধা ল’ব পাৰিব । এই আঁচনিখনে শস্যক বীমা কভাৰেজ প্ৰদান কৰে আৰু কৃষকৰ আয় সুস্থিৰ কৰি তোলাৰ সুবিধা প্ৰদান কৰে। প্ৰাক্তন জিলা কৃষি বিষয়া বিজয় দত্তই PMKSYকে ধৰি চলি থকা সকলো চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰি এই বিষয়ে সবিশেষ প্ৰচাৰ কৰিবলৈ আহ্বান জনায় ।

অনুষ্ঠানটোত উপস্থিত কৃষকসকলক সৰিয়হৰ বীজ বিতৰণ কৰে । ইয়াৰ পাছতে এক মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ য’ত কৃষকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে বুজ লোৱা আৰু আলোচনা কৰা হয় । সজাগতা সভাখনিত উপস্থিত থকা বিশেষজ্ঞসকলে কৃষকসকলৰ সমস্যাসমূহৰ সমাধান আগবঢ়ায় ।

লগতে পঢ়ক:AASU appreciated state government : ৰাজ্য চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ শলাগ ল’লে দীপাংক নাথে

ABOUT THE AUTHOR

...view details