ETV Bharat / state

AASU appreciated state government : ৰাজ্য চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ শলাগ ল’লে দীপাংক নাথে

author img

By

Published : Nov 12, 2022, 10:28 PM IST

AASU President
ৰাজ্য চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ শলাগ ল’লে দীপাংক নাথে

ৰাজ্য চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ শলাগ ল’লে আছুৰ সভাপতি দীপাংক নাথে (AASU appreciated state government) ৷ বিগত দুই এবছৰত অসমৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱা বুলি উল্লেখ কৰি দীপাংক নাথে কয় যে, পূৰ্বৰ দৰে অসমত এতিয়া চাকৰিৰ বজাৰ নোহোৱা হৈছে ৷ লখিমপুৰত উপস্থিত হৈ আছুৰ সভাপতিগৰাকীয়ে আন কেইবাটাও বিষয়তো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷

লখিমপুৰ, ১২ নৱেম্বৰ : অহা ১৯ নৱেম্বৰৰ পৰা লখিমপুৰ নগৰৰ পদ্মনাথ গোহাঞিবৰুৱা ক্ষেত্ৰত(Padmanath Gohain Baruah Khetra Lakhimpur) অনুষ্ঠিত হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভা (AASU general conference in Lakhimpur)। এই সভাৰ বাবে ইতিমধ্যে বিশাল প্ৰস্তুতি অব্যাহত ৰখা হৈছে । সভাৰ প্ৰস্তুতিৰ বুজ ল’বলৈ শনিবাৰে বিয়লি লখিমপুৰত উপস্থিত হয় আছুৰ সভাপতি দীপাংক নাথ (AASU President Dipanka Nath)।

সভাস্থলী পৰিদৰ্শন কৰি আছুৰ সভাপতিগৰাকীয়ে সাংবাদ মাধ্যমৰ সন্মুখত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে । নাগৰিকত্ব সংশোধনী আইন অথবা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাজপথ আৰু আদালতৰ মজিয়াত সমানেই চলিব যুঁজ চলিব বুলি মন্তব্য কৰে দীপাংক নাথে । নাগৰিকত্ব সংশোধনী আইনৰ(Citizenship Amendment Act) সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত বিচাৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ বাবেই আন্দোলন স্থগিত ৰখা বুলি উল্লেখ কৰে আছুৰ সভাপতিগৰাকীয়ে ৷

ৰাজ্য চৰকাৰৰ শেহতীয়া নিযুক্তি প্ৰক্ৰিয়াৰ শলাগ ল’লে দীপাংক নাথে

আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টাৰ ৰাজনৈতিক আগমনৰ বাতৰিৰ সন্দৰ্ভতো মন্তব্য কৰে সভাপতি নাথে । তেওঁ কয় যে, আছুৰ উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্যই কোনো কাৰণতে কোনো ৰাজনৈতিক দলত যোগদান নকৰে (AASU advisor Samujjal Bhattacharya)। এই সন্দৰ্ভত কিছু সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা বাতৰি গোকাট মিছা বুলি দাবী কৰে দীপাংক নাথে ।

ইয়াৰ উপৰিও স্বচ্ছ আৰু নিকাভাৱে অসম চৰকাৰে আৰম্ভ কৰা নিযুক্তি প্ৰক্ৰিয়াৰ(Assam govt direct recruitment) ক্ষেত্ৰত সন্তোষ প্ৰকাশ কৰি শলাগ লয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে (AASU appreciated state government) ৷ তেওঁ কয় যে, বিগত দুই এবছৰত অসমৰ ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে ৷ পূৰ্বৰ দৰে অসমত এতিয়া চাকৰিৰ বজাৰ নবহা হৈছে বুলি মন্তব্য কৰে আছুৰ সভাপতি দীপাংক নাথে ৷

ইয়াৰ লগতে ১৯ নৱেম্বৰত লখিমপুৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সভাৰ কাৰ্যসূচীত প্ৰশাসনৰ সম্পূৰ্ণ সহযোগিতা বিচাৰিলে দীপাংক নাথে ৷

লগতে পঢ়ক : HSLC exam form filling up: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্র পূৰণৰ দিন ঘোষণা ছেবাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.