অসম

assam

ড৹ অমলেন্দু চক্ৰৱৰ্তীক 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা' প্ৰদান

By

Published : Jan 12, 2020, 12:16 AM IST

বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শনিবাৰে শংকৰী সংস্কৃতিৰ বিশিষ্ট গৱেষক ড৹ অমলেন্দু চক্ৰৱৰ্তীক 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা' প্ৰদান কৰা হয় ৷ ৰাজ্যৰ বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰদান কৰে এই বঁটা ৷

"sri sri mathuradas buhaata bota" gives to  Dr. amolendu chakrabarti
ড৹ অমলেন্দু চক্ৰৱৰ্তীক 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা' প্ৰদান

বৰপেটা , 11 জানুৱাৰী :বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে শনিবাৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক অনুষ্ঠানৰ আয়োজন কৰে ৷ শংকৰী সংস্কৃতিৰ গৱেষক ড৹ অমলেন্দু চক্ৰৱৰ্তীক ৰাজ্যৰ বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা'প্ৰদান কৰে ৷

ইপিনে গুৰুজনাৰ ধৰ্মমত আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰৰ কামত সমগ্ৰ জীৱন সমৰ্পিত কৰি অহা বেণুধৰ কছাৰীক 'সত্ৰভূষণ'উপাধি প্ৰদান কৰা হয় ৷ যোৰহাট জিলাৰ তিতাবৰৰ ভিতৰুৱা চেকুৰীয়া গাঁৱৰ বেণুধৰ কছাৰীয়ে জনজাতীয় সকলৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আগবঢ়াই অহা অৱদানৰ বাবেই এই সত্ৰভূষণ উপাধি প্ৰদান কৰে বৰপেটা শাখা সত্ৰ সমাজে ৷

ড৹ অমলেন্দু চক্ৰৱৰ্তীক 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা' প্ৰদান

এই বঁটা প্ৰদান অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, বিশিষ্ঠ লেখক, সাহিত্য সমালোচক ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে অংশগ্ৰহণ কৰে ৷ বৰপেটা সত্ৰৰ পৃষ্ঠপোষকতাত গঠিত ৰাজ্যৰ প্ৰায় আঢ়ৈ শতাধিক শাখা সত্ৰৰ উমৈহতীয়া অনুষ্ঠান বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে প্ৰতি দুবছৰৰ মুৰে মুৰে এই বঁটা আৰু উপাধি প্ৰদান কৰি আহিছে ৷ ইপিনে অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে এই বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানটোত ৰাজ্য চৰকাৰক সহযোগ আগবঢ়াবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বুলিও মত প্ৰকাশ কৰে ৷

আৰু পঢ়ক :বৰপেটা সত্ৰ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

Intro:

বৰপেটা, ১১ জানুৱাৰীঃ বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শংকৰী সংস্কৃতিৰ বিশিষ্ঠ গৱেষক ড0 অমলেন্দু চক্ৰৱৰ্তীক 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা' প্ৰদান কৰে ৷ ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্বঃবি'ৰ উপাচাৰ্য তথা শংকৰী সংস্কৃতিৰ বিশিষ্ঠ গৱেষক পণ্ডিতগৰাকীক বৰপেটা জিলা পুথিভৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা আৰু উপাধি প্ৰদান অনুষ্ঠানত আজি ৰাজ্য বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে এই বঁটা প্ৰদান কৰে ৷ Body:আনহাতে গুৰুজনাৰ ধৰ্মমত আৰু সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰৰ কামত সমগ্ৰ জীৱন সমৰ্পিত কৰি অহা বেণুধৰ কছাৰীক 'সত্ৰভূষণ' উপাধি প্ৰদান কৰা হয় ৷ যোৰহাট জিলাৰ তিতাবৰৰ ভিতৰুৱা চেকুৰীয়া গাৱৰ বেণুধৰ কছাৰীয়ে জনজাতীয় সকলৰ মাজত সত্ৰ সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আগবঢ়াই অহা অবদানৰ বাবে 'সত্ৰভূষণ' উপাধি প্ৰদান কৰে বৰপেটা শাখা সত্ৰ সমাজে ৷ অসম বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে প্ৰদান কৰে এই বঁটা প্ৰদান অনুষ্ঠানত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, বিশিষ্ঠ লেখক, সাহিত্য সমালোচক ড0 বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে অংশগ্ৰহন কৰে ৷ বৰপেটা সত্ৰৰ পৃষ্ঠপোষকতাত গঠিত ৰাজ্যৰ প্ৰায় আঢ়ৈ শতাধিক শাখা সত্ৰৰ উমৈহতীয়া অনুষ্ঠান বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজে প্ৰতি দুবছৰৰ মুৰে "মুৰে এই বঁটা আৰু উপাধি প্ৰদান কৰি আহিছে ৷ ইপিনে অনুষ্ঠানত অংশগ্ৰহন কৰি ৰাজ্য বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীয়ে এই বটা আৰু উপাধি প্ৰদান অনুষ্ঠানটোত ৰাজ্য চৰকাৰক সহযোগ আগবঢ়াবঢ়াবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাব বুলি প্ৰকাশ কৰে ৷
ইপিনে বঁটাপ্ৰাপক ড0 অমলেন্দু চক্ৰৱৰ্তীয়ে এই বঁটা প্ৰাপ্তিত সুখী বুলি মন্তব্য কৰি শ্ৰীমন্ত শমকৰদেৱে প্ৰচাৰ কৰা ভক্তি আন্দোলন সৰ্বভাৰতীয় ভক্তি আন্দোলনৰ পৰা পৃথক আৰু অনন্য বুলি অভিহিত কৰে ৷

Conclusion:বাইটঃ বঁটাপ্ৰাপক ড0 অমলেন্দু চক্ৰৱৰ্তী ৷
বাইটঃ হিতেন্দ্ৰনাথ গোস্বামী ৷

--- বাপকন দাস, বৰপেটা ৷৷

ABOUT THE AUTHOR

...view details