ETV Bharat / state

বৰপেটা সত্ৰ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

author img

By

Published : Jan 8, 2020, 9:13 PM IST

বৰপেটাৰ জনসমাজক একত্ৰিত, সংগঠিত আৰু সু-শৃংখলিত কৰি ৰাখিছে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰই ৷ সত্ৰখনক বাদ দি কোনো কথাই ভাবিব নোৱাৰে বৰপেটাবাসীয়ে ৷ জনজীৱনত বৰপেটা সত্ৰৰ প্ৰভাৱ অপৰিসীম ৷ সত্ৰ আৰু বৰপেটাবাসীৰ একাত্ম জীৱনধাৰা সামৰি ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

বৰপেটা সত্ৰ
বৰপেটা সত্ৰ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

বৰপেটা, 8 জানুৱাৰীঃ পুৱাৰ হেঙুলী আভাৰে পূৱ আকাশ ৰাঙলী হোৱাৰ পৰা সাঁজ লগাৰ পাচত শেতেলিত পৰালৈকে এক গতানুগতিক পৰম্পৰাৰে চলে আমাৰ জীৱন ৷ ঈশ্বৰ উপাসনা প্ৰতিজন ব্যক্তিৰ জীৱনৰ অবিচিন্ন অংগ ৷ পুৱা সাৰ পাই ঈশ্বৰক চিন্তা কৰি আমি ভূমিত ভৰি থওঁ ৷ একেদৰে নিশা শোৱা পাটীত পৰিও আমি ঈশ্বৰক এবাৰ চিন্তা কৰোঁ ৷ এই আধ্যাত্মিকতাই আমাৰ জীৱনক বহুখিনি নিয়ন্ত্ৰণ কৰে ৷ অসমীয়া সমাজ আৰু ব্যক্তি জীৱনত সত্ৰ-নামঘৰৰ প্ৰভাৱ অনন্য ৷

বৰপেটা সত্ৰ
বৰপেটা সত্ৰ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

এইয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ ৷ বৰপেটাৰ জনসমাজক একত্ৰিত, সংগঠিত আৰু সু-শৃংখলিত কৰি ৰাখিছে এই অনুষ্ঠানে ৷ সত্ৰখনক বাদ দি কোনো কথাই ভাবিব নোৱাৰে বৰপেটাবাসীয়ে ৷ জনজীৱনত বৰপেটা সত্ৰৰ প্ৰভাৱ অপৰিসীম ৷

বৰপেটা সত্ৰ
বৰপেটা সত্ৰ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

ব্ৰহ্মমূহুৰ্ততে সত্ৰৰ ঘাই দেউৰীয়ে আৰম্ভ কৰে প্ৰাতঃ কীৰ্তন ৷ সত্ৰৰ কীৰ্তন ঘৰৰ কাঠিত ভকতনী সকলে পুৱা নাম-প্ৰসংগ আৰম্ভ কৰে ৷ সেই প্ৰসংগৰ অন্তত কীৰ্তন ঘৰৰ ভিতৰত ভকতৰ প্ৰসংগ আৰম্ভ হয় ৷ সত্ৰত মহিলাক অগ্ৰাধিকাৰ দিয়া বিশেষ বৈশিষ্ট মন কৰিবলগীয়া ৷ ব্ৰহ্মমূহুৰ্তৰ পৰা নিশালৈ সত্ৰত চৈধ্য প্ৰসংগ কৰা হয় ৷ সুখ কিম্বা দুখ সকলো বিষয়তে সত্ৰখনৰ সৈতে একাত্ম হৈ থাকে বৰপেটাবাসী ৷

আধুনিকতাৰ ধামখুমীয়াত মানুহ অতিব্যস্ত হৈ পৰিছে যদিও, বৰপেটাৰ সমাজ জীৱনত থকা সত্ৰৰ প্ৰভাৱক এই বতাহজাকে উৰুৱাই নিব পৰা নাই ৷ স্থুল আধুনিকতাত উটি ভাহি যোৱা নাই বৰপেটাৰ সত্ৰীয়া সমাজ ৷ ধনী-দুখীয়া, উচ্চ-নীচ মনোভাৱ পৰিহাৰ কৰি সকলো আহে ঈশ্বৰ উপাসনাত একাত্ম হ'বলৈ ৷ যুৱ প্ৰজন্মইও সত্ৰীয়া কৃষ্টি সংস্কৃতিক নিজৰ বুলি হৃদয়েৰে আঁকোৱালি লৈ সত্ৰীয়া পৰম্পৰাৰ সৈতে নিজকে জড়িত কৰি আহিছে ৷

বৰপেটা সত্ৰ আৰু সমাজ জীৱনত ইয়াৰ প্ৰভাৱ

বৰপেটাৰ সত্ৰীয়া সমাজৰ সৈতে বৰপেটাৰ লোক কৃষ্টি, লোক পৰম্পৰা আৰু লোক শিল্পসমুহ জড়িত হৈ আছে ৷ সত্ৰৰ গুৰু আসন নিৰ্মাণ, সত্ৰৰ নামঘৰৰ দুৱাৰ আদিত বিবিধ ধৰ্মীয় আখ্যান সম্বলিত চিত্ৰ অংকনৰ শিল্পৰ সৈতে এতিয়াও বৰপেটাৰ বহু লোক জড়িত হৈ আছে ৷ এনেদৰেই যুগে যুগে বৰপেটা সত্ৰ আৰু সত্ৰৰ লোকপৰম্পৰাই বৰপেটাৰ লোকসমাজক সমৃদ্ধ কৰি আহিছে ৷

আৰু পঢ়ক : অসমীয়া আৰু নগাৰ মিলন ভূমিত পৰিণত হৈছে শিলডুবি

Intro:
বৰপেটা, ৫ জানুৱাৰীঃ
বৰপেটা ; জনসমাজত যি পৰিচিত সত্ৰনগৰী হিচাপে ৷ বৰপেটাৰ জনসমাজক একত্ৰিত, সংগঠিত, সু-শৃংখলিত কৰি ৰাখিছে এটা অনুষ্ঠানে ৷ সেয়া বৰপেটা সত্ৰ ৷ বৰপেটাৰ জনসমাজত সত্ৰখনৰ আছে বিশাল, গভীৰ প্ৰভাৱ ৷ সত্ৰখনক বাদ দি কোনো কথাই ভাবিব নোৱাৰে বৰপেটাৰ প্ৰতিজন লোকে ৷ বৰপেটাৰ জনজীৱনত সত্ৰখনৰ প্ৰভাৱ অনন্য, অপৰিসীম ৷ Body:সূৰ্যোদয়ৰ মুহূৰ্তৰ পৰা পাটীত পৰালৈকে বৰপেটাৰ লোকসমাজক নিয়ন্ত্ৰিত, পৰিচালিত কৰি আহিছে বৰপেটা সত্ৰই ৷
ব্ৰহ্মমূহুৰ্তত সত্ৰৰ নিয়মীয়া কামকাজ আৰু পৰৱৰ্তী নৈমিত্তিক প্ৰসংগৰে আৰম্ভ হয় বৰপেটাৰ সমাজ জীৱন ৷ সত্ৰৰ ঘাই দেউৰীয়ে পুৱা অক্ষয় বন্তিত তেল শলিতা আগবঢ়াই সত্ৰৰ প্ৰয়োজনীয় কাম কাজত ব্যস্ত হৈ পৰে ৷ তাৰপিচতে গুৰুআসনৰ সন্মুখত নৈত্য প্ৰসংগ অনুষ্ঠিত হয় ৷ বৰপেটা সত্ৰৰ এক বিশেষ বৈশিষ্ঠও এইক্ষেত্ৰত মনকৰিবলগীয়া ৷ বৰপেটা সত্ৰত মহিলাক দিয়া হয় প্ৰাধান্য ৷ সত্ৰৰ কীৰ্তনঘৰৰ কাঠিত মহিলাসকলেই প্ৰথমে প্ৰসংগত ভাগ লয় ৷ মহিলাসকলে প্ৰসংগ সামৰাৰ পিচতেই সত্ৰৰ ভকতসকলে প্ৰসংগ আৰম্ভ কৰে ৷ ব্ৰহ্মমূহুৰ্তৰ পৰা নিশালৈকে চৈধ্য প্ৰসংগত ভাগ লয় সত্ৰৰ ভকত-বৈষ্ণৱে ৷ আনহাতে সত্ৰত অনুষ্ঠিত ভাগৱত পাঠ আৰু ব্যাখ্যাত নিতৌ অসংখ্যজনে ভাগ লৈ চিত্ত মন তৃপ্ত কৰে ৷ সত্ৰখনে বৰপেটাৰ সমাজজীৱনক অভিনৱধৰনে বান্ধি ৰাখিব পাৰিছে ৷ বৰপেটাবাসীৰ সকলো সুখ আৰু প্ৰাপ্তিৰ সৈতে সত্ৰখনৰ যেন এৰাবনোৱাৰা এক আত্মিক সম্পৰ্ক ৷ সুখতো অথবা দুখতো প্ৰতিজন বৰপেটাৰ লোক দৌৰি আহে সত্ৰখনলৈ ৷ আনহাতে গুৰু দুজনাৰ তিথি উৎসৱ আদিতো বৰপেটাৰ লোকসকল উবুৰি খাই পৰে ৷

লক্ষ্যনীয়ভাৱে আধুনিকতাৰ বতাহে বৰপেটাৰ সমাজ জীৱনকো খুন্দিয়াইছে যদিও আজিও পিছে বৰপেটাৰ সমাজ জীৱনক আধুনিকতাৰ বতাহে আঘাত হানিব পৰা নাই ৷ স্থুল আধুনিকতাত উটি ভাহি যোৱা নাই বৰপেটাৰ সত্ৰীয়া সমাজ ৷ যিমানেই ওখ খাপৰ বিষয়া নহওক কিয় সত্ৰীয়া পৰম্পৰা আৰু বংশৰা অনুসৰি প্ৰতিজন লোকেই সত্ৰৰ নৈমিত্তিক প্ৰসংগ সমুহত ভাগ লোৱাত কেতিয়াও অৱহেলা নকৰে ৷ আনহাতে নতুন প্ৰজন্ময়ো সত্ৰীয়া কৃষ্টি সংস্কৃতিক নিজৰ বুলি হৃদয়েৰে আকোৱালি লৈ সত্ৰীয়া পৰম্পৰাৰ সৈতে নিজকে জৰিত কৰি আহিছে ৷
বৰপেটাৰ সত্ৰীয়া সমাজৰ সৈতে বৰপেটাৰ লোক কৃষ্টি, লোক পৰম্পৰা আৰু লোক শিল্পসমুহ অংগাংগীভাৱে জৰিত হৈ আছে ৷ সত্ৰৰ গুৰু আসন নিৰ্মাণ , সত্ৰৰ নামঘৰৰ দুৱাৰ, জালনা, বেৰ আদিত বিবিধ ধৰ্মীয় আখ্যান সম্বলিত চিত্ৰ অংকনৰ শিল্পৰ সৈতে এতিয়াও বৰপেটাৰ বহু লোক জৰিত হৈ আছে ৷ ৰাজ্যৰ নামঘৰ সমুহৰ বাবে প্ৰয়োজনীয় গুৰু আসন আৰু আন কাঠৰ সামগ্ৰী বৰপেটাৰ শিল্পীয়ে নিৰ্মাণ কৰি আহিছে ৷ এনেদৰেই যুগে যুগে বৰপেটা সত্ৰ আৰু সত্ৰৰ লোকপৰম্পৰাই বৰপেটাৰ লোকসমাজক সমৃদ্ধ কৰি আহিছে ৷

Conclusion:বাইটঃ বশিষ্ঠ শৰ্মা, বুঢ়া সত্ৰীয়া বৰপেটা সত্ৰ ৷

বাইটঃ মনোজ কুমাৰ দাস, সংগীত নাটক বঁটা প্ৰাপক যুৱ শিল্পী ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.