অসম

assam

বৰপেটাত চোৰাং চাউলসহ আটক এজন

By

Published : Sep 7, 2022, 2:26 PM IST

বৰপেটা জিলাৰ অন্তৰ্গত চেঙাৰ বান্দালি পাৰ ঘাটত মঙলবাৰে নিশা স্থানীয় ৰাইজে নাও ভৰ্তি ৪০০ শ বেগ চোৰাং চাউল জব্দ কৰে (Smuggled rice seized in Barpeta)। পিছত ঘটনাস্থলীত তাৰাবাৰী আৰক্ষীয়ে উপস্থিত হৈ ৰাইজে জব্দ কৰা চোৰাং চাউলখিনি পৰিদৰ্শন কৰি নাওখনৰ চালকজনক আটকক কৰি থানালৈ লৈ যায় ।

Smuggled rice seized in Barpeta
বৰপেটাত চোৰাং চাউলসহ আটক এজন

বৰপেটা, ৭ ছেপ্টম্বৰ:চোৰাং চাউল সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অবলম্বল কৰি চৰাঞ্চলৰ বিভিন্ন নদী পথেৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ কঢ়িয়াইছে চাউল ৷ চোৰাং চাউল সৰবৰাহকাৰীক নাকী লগাবলৈ সক্ৰিয় হৈছে সাধাৰণ জনতা ৷ শেহতীয়াকৈ, বৰপেটা জিলাৰ অন্তৰ্গত চেঙাৰ বান্দালি পাৰ ঘাটত মঙলবাৰে নিশা স্থানীয় ৰাইজে নাও ভৰ্তি ৪০০ শ বেগ চোৰাং চাউল জব্দ কৰে । পিছত ঘটনাস্থলীত তাৰাবাৰী আৰক্ষীয়ে উপস্থিত হৈ ৰাইজে জব্দ কৰা চোৰাং চাউলখিনি পৰিদৰ্শন কৰি নাওখনৰ চালকজনক আটকক কৰি থানালৈ লৈ যায় (Smuggled rice seized in Barpeta) ।

উল্লেখ্য যে, পূব চেঙা সমবায় সমিতিৰ সম্পাদক আব্দুল ওহাবৰ আৰু সুলভ মূল্যৰ এজেন্ট নাজমা খাতুন মল্লাৰ নিৰ্দেশত চেনিমাৰী পাৰঘাটৰ পৰা কাছুমাৰ চৰলৈ চোৰাং ভাবে পঠিয়াওৱা হোৱা বুলি জানিব দিয়ে স্থানীয় ৰাইজে৷ আনহাতে জব্দকৃত খাদ্য সুৰক্ষাৰ চাউলখিনি পূব চেঙা সমবায়ৰ বুলি জানিব দিয়ে ।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে পূব চেঙা সমবায় সমিতিৰ সম্পাদক আব্দুল অহাব আৰু সুলভ মূল্যৰ এজেন্ট নাজমা খাতুন মোল্লাৰ বিৰুদ্ধে । সমবায়ৰ চাউল চোৰাং ভাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাংলাদেশলৈ ও প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে ।

সম্প্ৰতি অসমৰ বিভিন্ন স্থানৰ লগতে বাংলাদেশলৈ চাউল সৰবৰাহৰ অন্যতম হটস্পট লৈ পৰিণত হৈছে চেনীমাৰি, বান্দালি পাৰঘাটকে ধৰি বৰপেটাৰ বিভিন্ন জল পথ । আনহাতে বৰপেটা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অমনোযোগিতাৰ বাবে জালত নপৰে এজনো চাউল সৰবৰাহকাৰী মাফিয়া । এই ঘটনাক লৈ বিভাগটোৰ লগত চাউল মাফিয়াৰ লগতে সমবায় সম্পাদক, এজেন্টৰ গোপন বুজাবুজি থকাৰ বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

এতিয়া প্ৰশ্ন হয় এইসকল চোৰাং চাউল সৰবৰাহকাৰীক নাকী লগাব পাৰিব নে প্ৰশাসনে? সেয়া সময়ত হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:বৰপেটাৰ পালহাজীত জব্দ ৪০০ বস্তা চোৰাং চাউল

ABOUT THE AUTHOR

...view details