বৰপেটাৰ পালহাজীত জব্দ ৪০০ বস্তা চোৰাং চাউল

By

Published : Sep 25, 2021, 3:03 PM IST

thumbnail

বৰপেটাত অব্যাহত আছে ৰাজহুৱা বিতৰণ প্ৰণালীৰ (PDS) চাউলৰ চোৰাং বেহা ৷ জিলাখনৰ পালহাজীত জব্দ বিশেষ খাদ্য যোগান আঁচনিৰ ৪০০ বস্তা চোৰাং চাউল ৷ বৰপেটা সদৰ থানাৰ অন্তৰ্গত পালহাজীৰ সমীপৰ ব্ৰহ্মপুত্ৰ নৈত নাওসহ জব্দ চাউলৰ বস্তাবোৰ ৷ জলপথেৰে বৰপেটাৰ খাদ্য যোগান আঁচনিৰ চাউল বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ ৰাইজৰ সহযোগত বৰপেটা আৰক্ষীয়ে জব্দ কৰিছে নাওভৰ্তি চোৰাং চাউলৰ বস্তাসমূহ ৷ ইফালে চাউল সৰবৰাহৰ সৈতে জড়িত তিনিজনক সোধা-পোছাৰ বাবে আটক কৰিছে আৰক্ষীয়ে ৷ অৱশ্যে চোৰাং চাউল জব্দ সম্পৰ্কে আৰক্ষীয়ে এতিয়াও কোনো তথ্য প্ৰকাশ কৰা নাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.