ETV Bharat / entertainment

জনপ্ৰিয় চিৰিজ বিদুৰভাই এইবাৰ চাওক ডাঙৰ পৰ্দাত - bidurbhai release date

শীঘ্ৰেই ছবিগৃহলৈ এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবিৰূপে আহি আছে ‘বিদুৰভাই’ । ঘোষণা হ'ল ‘বিদুৰভাই’ ৰ মুক্তিৰ তাৰিখ ।

bidurbhai
বিদুৰভাই এইবাৰ চাওক ডাঙৰ পৰ্দাত (Suvrat Kakoti socia media handle)
author img

By ETV Bharat Assamese Team

Published : June 18, 2024 at 3:18 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, 18 জুন : অপেক্ষাৰ অন্ত পৰিল । ঘোষণা হ’ল বিদুৰভাইৰ মুক্তিৰ তাৰিখ । ছবিখনৰ পৰিচালক সুব্ৰত কাকতিয়ে জনোৱা অনুসৰি ১৯ জুলাইত ছবিগৃহত মুক্তি পাব ‘বিদুৰভাই’। ছবিখনৰ মুক্তিৰ দিন ঘোষণাৰ পাচতেই এতিয়া ‘বিদুৰভাই’ ৰ অনুৰাগীসকলৰ মাজত ছবিখনক লৈ উৎকণ্ঠা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । উল্লেখ্য যে, লকডাউনৰ সময়ছোৱাত মাইক্ৰ’ফাইনেন্স বিত্তীয় প্ৰতিষ্ঠানৰ কৰালগ্ৰাসত পৰা অসমৰ গ্ৰাম্য সমাজৰ লগতে লকডাউনৰ বাবে চৰম আৰ্থিক অনাটন, গ্ৰামাঞ্চলৰ মহিলা গোটৰ সুখ-দুখ আদিৰ কিছু ঘটনাক হাস্যৰস দি কাহিনী আকাৰে নিৰ্মাণ কৰা হৈছিল চিৰিজ ‘বিদুৰভাই’৷

assamese film bidurbhai based on famous web series bidurbhai to be released on 19 th july theatrically
বিদুৰভাই এইবাৰ চাওক ডাঙৰ পৰ্দাত (Suvrat Kakoti socia media handle)

প্ৰায় দুবছৰ পূৰ্বে মুক্তি লাভ কৰা এই ৱেব চিৰিজটোৰ মুক্তিৰ পিচৰে পৰা প্ৰতিটো খণ্ডই দৰ্শকৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছিল । সমান্তৰালভাৱে চিৰিজটোৰ এটি গীত ‘বিদুৰগীত’ টো আজিও দৰ্শকৰ মুখে মুখে । প্ৰায় দুবছৰ পূৰ্বে মুক্তি পোৱা এই ৱেব চিৰিজটোৰ পৰৱৰ্তী খণ্ডৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই আছিল দর্শক । অৱশেষত চলিত বৰ্ষৰ আৰম্ভনিতে ভাল খবৰটো দিলে টীম ‘বিদুৰভাই’ এ । বিদুৰভাই -২ এইবাৰ ৱেব চিৰিজ হিচাপে নহয়, ছবি হিচাপে শীঘ্ৰেই ছবিগৃহলৈ আহিব । এই সম্পৰ্কে ইতিমধ্যে এটা প্ৰ'ম' দৰ্শকৰ বাবে মুকলি কৰা হৈছিল । প্ৰ'ম'টোৰ মুক্তিৰ পাচতেই সামাজিক মাধ্যমত নেটিজেনৰ পৰা যথেষ্ট সমাদৰ লাভ কৰা পৰিলক্ষিত হয় ৷

assamese film bidurbhai based on famous web series bidurbhai to be released on 19 th july theatrically
বিদুৰভাই টীম (ETV Bharat Assam)

সুব্ৰত কাকতিৰ পৰিচালনাৰে ৱেব চিৰিজ বিদুৰভাইত অভিনয় কৰিছিল ‘বেহাৰবাৰী’ খ্যাত চুমকী কছাৰী, পংকজ মহন্ত, উজ্বল ৰাজখোৱা, ত্ৰৈলোক্য বৰুৱা, নীতু খনিকৰ, কংকন শইকীয়া, মৌচুমী শইকীয়া, স্নিগ্ধা ফুকন, আনন্দ বৰুৱা, বলিন বৰা, উদ্বীপনা বৰা, উত্তম কলিতা, শমিষ্ঠা দাস আদিয়ে । বিদুৰভাইৰ সংগীত কৰিছিল প্ৰণয় দত্তই ৷ দৃশ্যগ্ৰহণত আছিল উত্তম কলিতা ৷ এই সকল কলা-কুশলীক লৈয়ে পুনৰবাৰ আগবাঢ়িছে পৰিচালকগৰাকী । ইতিমধ্যে এই ছবিখনৰ ‘দে ভগৱান’ আৰু ‘পে পে নে নে’ শীৰ্ষক দুয়োটা গীতেই বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষত আছে ।

লগতে পঢ়ক : ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত "ৰূপতীৰ্থৰ যাত্ৰী" - Film on Jyoti Prasad Agarwala