অসম

assam

PM Cares for Children Scheme : বৰপেটা জিলাৰ তিনি শিশুলৈ আঁচনিৰ ধন অনুমোদন

By

Published : May 30, 2022, 2:26 PM IST

সমগ্ৰ দেশৰ ৫৫৭ খন জিলা সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ভিড কালত অনাথ হোৱা শিশুসকলক বাবে মুকলি কৰিলে পি এম কেয়াৰছ ফ'ৰ চিল্ড্ৰেন আঁচনি(PM Cares for Children Scheme) ৷ বৰপেটা জিলাৰ তিনি শিশুলৈ এই আঁচনিৰ অনুমোদন ৷

pm-cares-for-children-scheme-approved-for-three-children-of-barpeta
PM Cares for Children Scheme : বৰপেটা জিলাৰ তিনি শিশুলৈ আঁচনিৰ ধনাদেশ

বৰপেটা, ৩০ মে : বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয় সভাকক্ষত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে তিনি শিশুলৈ প্ৰদান কৰে ১০ লাখ টকাৰ আঁচনিৰ ধনাদেশ । সমগ্ৰ দেশৰ ৫৫৭ খন জিলা সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা আঁচনিখনৰ পিচতে ভিডি'অ বাৰ্তাৰ জৰিয়তে হিতাধিকাৰীসকলক শুভেচ্ছা জনায় প্ৰধানমন্ত্ৰীয়ে ৷

বৰপেটা জিলাৰ তিনি শিশুলৈ পি এম কেয়াৰছ ফ'ৰ চিল্ড্ৰেন আঁচনিৰ ধনাদেশ

উল্লেখ্য যে, ক'ভিড কালত অনাথ হোৱা শিশুসকলক প্ৰতি মাহে ৪,০০০ টকাকৈ (PM Modi announces Rs 4,000 per month) প্ৰদান কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Prime Minister Narendra Modi)৷ ক'ভিড মহামাৰীৰ পিতৃ-মাতৃ হেৰুওৱা শিশুসকলৰ সুবিধাৰ্থে পি এম কেয়াৰছ ফ'ৰ চিল্ড্ৰেন আঁচনিৰ (PM CARES for Children Scheme) অধীনত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

আঁচনিখনৰ উদ্দেশ্য হৈছে শিশুসকলক থকা খোৱা প্ৰদানৰ লগতে, শিক্ষা আৰু বৃত্তিৰ ব্যৱস্থা প্ৰদান কৰা হ'ব ৷ ইয়াৰ উপৰিও এই শিশুসকলে 23 বছৰ বয়স প্ৰাপ্ত কৰাৰ পিছত তেওঁলোকক স্বাৱলম্বী হ'বলৈ আৰু স্বাস্থ্য বীমাৰে ভৱিষ্যত সুনিশ্চিত কৰিবলৈ 10 লাখ টকাৰ বিত্তীয় সাহাৰ্য বিতৰণ কৰা হ'ব ৷

PM Cares for Children Scheme : বৰপেটা জিলাৰ তিনি শিশুলৈ আঁচনিৰ ধনাদেশ

পূৰ্বতে শিশুসকলৰ নাম পঞ্জীয়ন কৰিবলৈ চৰকাৰৰে এটা অনলাইন পৰ্টেল মুকলি কৰিছিল ৷ লগতে ক’ভিড মহামাৰীত নিহত পিতৃ-মাতৃৰ দূৰ্ভগীয়া শিশুসকলক PM কেয়াৰচ্ ফ'ৰ চিল্ডৰেন আঁচনিযোগে ১৮ বছৰ বয়সলৈ শিক্ষা আৰু স্বাস্থ্যৰ দায়িত্ব গ্ৰহণ কৰাৰ লগতে শিশুসকলক আয়ুস্মান কাৰ্ড প্ৰদান কৰাৰ উপৰিও জন ঔষধি কেন্দ্ৰৰ পৰা সহায় লাভ কৰিব ৷ তথ্যমতে, সমগ্ৰ দেশৰ ৪৩৪৫ গৰাকী শিশুৱে লাভ কৰিব এই আঁচনিৰ সুবিধা ৷

আনহাতে, ক'ভিডত মৃত্যুবৰণ কৰা লোকসকলৰ দূৰ্ভগীয়া শিশুসকলৰ প্ৰতি আগবঢ়োৱা সহায়ৰ বাবে প্ৰধানমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

লগতে পঢ়ক :ক'ভিডত অনাথ হোৱা শিশুৰ বাবে বিশেষ আঁচনি ঘোষণা প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details