অসম

assam

Journalist Protest in Kalgachia:সাংবাদিক নিগ্ৰহৰ ঘটনা; কলগাছিয়াত ক'লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট সাংবাদিকৰ

By

Published : Jul 10, 2023, 8:15 PM IST

কলগাছিয়াৰ সমূহ সাংবাদিকৰ উদ্যোগত ক'লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷ তিনি দফীয়া দাবীৰে কলগাছিয়া ৰাজহ চক্ৰৰ, চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷

Journalist Protest at Kalgachia in Barpeta
সাংবাদিকৰ প্ৰতিবাদ

কলগাছিয়াত সাংবাদিকৰ অৱস্থান ধৰ্মঘট

জনিয়া, 10 জুলাই: ধুবুৰীত সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে কলগাছিয়াৰ সমূহ সাংবাদিকৰ উদ্যোগত ক'লা বেজ পৰিধান কৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ৷ তিনি দফীয়া দাবীৰে কলগাছিয়া ৰাজহ চক্ৰৰ, চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ সাংবাদিক সকলৰ ৷

বিগত 7 জুলাই তাৰিখে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিকক আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে সোমবাৰে কলগাছিয়াৰ সাংবাদিক সকলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনায় ৷ উল্লেখ্য যে, 7 জুলাইৰ নিশা ধুবুৰী জিলা পৰিষদৰ কার্যালয় হঠাতে পৰিৱৰ্তিত হয় বিবাহ ভৱনলৈ ৷ এই খবৰ লাভ কৰি এটা ব্যক্তিগত চেটেলাইট চেনেলৰ সাংবাদিকৰ লগতে আন আন সাংবাদিক উপস্থিত হয় জিলা পৰিষদ কাৰ্যালয়ত ৷

লগতে পঢ়ক :Death body recovered news: মহানগৰীৰ হাতীগাঁৱত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

এই বিবাহ অনুষ্ঠান আছিল কাৰ্যালয়ৰ ঠিক সন্মুখতেই বাসগৃহ থকা এজন যুৱকৰ ৷ সাংবাদিকৰ দলে এই স্থানত উপস্থিত হৈ বাতৰি যুগুতোৱাৰ লগতে সকলো দৃশ্য কেমেৰাত বন্দী কৰি আছিল ৷ তাতেই খৰ্গহস্ত হৈ হঠাতে ৰাজনৈতিক দলৰ এজন পালি-নেতাৰ নেতৃত্বত এদল লোক উপস্থিত হৈ সাংবাদিকৰ ওপৰত জঁপিয়াই পৰে ৷ দলটোৰ উপৰ্যুপৰি আক্ৰমণৰ ফলত আহত হয় ভিডিঅ সাংবাদিক সন্তোষ ৰয় ৷

এই ঘটনাৰ প্ৰতিবাদত সোমবাৰে কলগাছিয়াৰ সাংবাদিক সকলে কলগাছিয়া চাৰিআলিৰ পৰা পদযাত্ৰাৰে কলগাছিয়া চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদত ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী জনায় ৷ লগতে ৰাজ্যৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাই প্ৰেছ ইউনিয়ন, কলগাছিয়া প্ৰেছ ক্লাব আৰু কলগাছিয়া মহকুমা সাংবাদিক সন্থাই তিনি দফীয়া দাবীৰে কলগাছিয়া ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক :Anganwadi protest in Guwahati: চচলত অংগনৱাড়ী কৰ্মী-সহায়িকাসকলৰ প্ৰতিবাদী কাৰ্যসূচী

ABOUT THE AUTHOR

...view details