অসম

assam

পথ নে পুখুৰী, জলা কলা খাইছে সাধাৰণ জনতাই

By

Published : Jul 11, 2019, 3:35 PM IST

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছি গাঁওলৈ যোৱা পথৰ দুৰাৱস্থাই জলা কলা খুৱাইছে সাধাৰণ জনতাক, অতি শীঘ্ৰে পকীকৰণৰ দাবী

পথ নে পুখুৰী, জলা কলা খাইছে সাধাৰণ জনতাই

বৰপেটা, 11 জুলাইঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ভাতকুছি গাঁওলৈ যোৱা পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক । এজাক বৰষুণতে একাঠু পৰ্যন্ত পানী হোৱা এই পথৰেই পাঁচখনমান গাওঁৰ ৰাইজে দৈনিক বৰপেটা চহৰলৈ অহা যোৱা কৰে । উল্লেখযোগ্য যে, জনীয়াৰ স্থানীয় বিধায়ক আব্দুল খালেকে 2016 চনত এনৰেগা আঁচনিৰ অধীনত 4 লাখ টকা ব্যয় সাপেক্ষে পথটো নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছিল । কিন্তু বিধায়কৰ ঘনিষ্ঠ কেইজনমান ঠিকাদাৰে কেই ট্ৰাকমান মাটি পেলায়েই নিজৰ দায়িত্ব সামৰে বুলি অভিযোগ উঠিছে । সেয়ে উক্ত পথটোৰে অহা যোৱা কৰা ৰাইজে পথটো অতি শীঘ্ৰে পকীকৰণ কৰিবলৈ গড়কাপ্তানী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছে ।

পথ নে পুখুৰী, জলা কলা খাইছে সাধাৰণ জনতাই

ABOUT THE AUTHOR

...view details