অসম

assam

চৰকাৰী ভূমিত বেদখল: বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ বিৰুদ্ধে বেদখলত সহযোগিতাৰ অভিযোগ

By

Published : May 29, 2022, 9:38 PM IST

বৰপেটাৰ গো-ৰিজাৰ্ভত সন্দেহজনক লোকে চলাই থকা ভূমি বেদখলত সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ সহযোগ থকাৰ অভিযোগ ৷ দেওবাৰে মাজদিয়া-গৰেমাৰী-গাদেশালী পাম-দৌলাশাল সমন্বয় সমিতিয়ে এক সংবাদ মেল আয়োজন কৰি বিধায়কগৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে (Press conference on Majdia encroachment)৷

চৰকাৰী মাটি বেদখল কৰিবলৈ বেদখলকাৰীক উৎসাহ যোগাইছে জাকিৰ হুছেইন শিকদাৰে : বৰপেটাৰ এক সমন্বয় সমিতিয়ে
চৰকাৰী মাটি বেদখল কৰিবলৈ বেদখলকাৰীক উৎসাহ যোগাইছে জাকিৰ হুছেইন শিকদাৰে : বৰপেটাৰ এক সমন্বয় সমিতিয়ে

বৰপেটা, 29 মে’ : পুনৰ ভূমি বেদখলৰ প্ৰসংগ ৷ এইবাৰ বৰপেটাত চৰকাৰী মাটি বেদখল হোৱাৰ এক অভিযোগ উত্থাপন হৈছে (Illegal Encroachment in Barpeta) ৷ অভিযোগ অনুসৰি বৰপেটাৰ চৰকাৰী মাটি বেদখল কৰাৰ ক্ষেত্ৰত একাংশ বেদখলকাৰীক উৎসাহ যোগাইছে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ দেওবাৰে এক সংবাদ মেল আয়োজন কৰি এই অভিযোগ উত্থাপন কৰে মাজদিয়া-গৰেমাৰী-গাদেশালী পাম-দৌলাশাল সমন্বয় সমিতিয়ে (Press conference on Majdia encroachment) ৷

বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ খিলঞ্জীয়া মুছলমান লোকৰ বসতি প্ৰধান মাজদিয়া-গৰেমাৰী- গাদেশালী পাম-দৌলাশাল অঞ্চলত দুখনকৈ গো-ৰিজাৰ্ভ আৰু এটা জান আগুৰি আছে প্ৰায় ৬ শতাধিক বিঘা চৰকাৰী ভূমি ৷ গাঁওকেইখনৰ কৃষিজীৱি খিলঞ্জীয়া মুছলমান লোকসকলে গৰুৰ চৰণীয়া পথাৰ হিচাপে যুগ যুগ ধৰি ব্যৱহাৰ কৰি আছিল সেই ভূমি ৷

কিন্তু এই ভূমিত একাংশ সন্দেহজনক লোকে চলাইছে বেদখল ৷ স্থানীয় একাংশ বাংলাদেশীমূলীয় লোকৰ সহযোগত সন্দেহজনক লোকে চলোৱা বেদখল উচ্ছেদৰ বাবে খিলঞ্জীয়া মুছলমান লোকসকলে চৰকাৰক হেঁচা দিয়াৰ পিচৰে পৰাই এতিয়া খিলঞ্জীয়া মুছলমান লোকসকলক বিভিন্ন ধৰণে ভয় ভাবুকি প্ৰদান কৰি আহিছে বেদখলকাৰীয়ে ৷

চৰকাৰী মাটি বেদখল কৰিবলৈ বেদখলকাৰীক উৎসাহ যোগাইছে জাকিৰ হুছেইন শিকদাৰে : বৰপেটাৰ এক সমন্বয় সমিতিয়ে

লগতে পঢ়ক :অবৈধ বেদখলকাৰীৰ কৱলত গোৱালপাৰাৰ চৰকাৰী ভূমিৰ জলাশয়

যাৰ ফলত বেদখল উচ্ছেদৰ ক্ষেত্ৰত আগভাগ লোৱা একাংশ লোকে এতিয়া প্ৰাণৰ সংশয়ত ভুগিবলগীয়া হৈছে বুলিও সংবাদমেলত প্ৰকাশ কৰিছে আয়োজক সমিতিয়ে ৷ সেয়ে খিলঞ্জীয়া মুছলমান লোকসকলৰ প্ৰতি নামি অহা ভাবুকি ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে খিলঞ্জীয়া মুছলমান কৃষিজীৱী লোকসকলে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা জয়ন্তমল্ল বৰুৱাই এই স্থানত উপস্থিত হৈ সন্দেহজনক লোকৰ বেদখল উচ্ছেদ কৰি খিলঞ্জীয়া মুছলমান লোকসকলক নিৰাপত্তাৰ আশ্বাস দিছিল (Government drive to free encroachment) ৷

কিন্তু জয়ন্তমল্ল বৰুৱাৰ এই আশ্বাসৰ পিচৰে পৰাই বেদখলকাৰীসকলে খিলঞ্জীয়া মুছলমান কৃষিজীৱি লোকসকলক বিভিন্ন ধৰণে ভয়-ভাবুকি দেখুৱাই অহাত স্থানীয় লোকসকল নিৰাপত্তাহীনতাৰ সন্মুখীন হোৱা বুলিও সংবাদমেলত মন্তব্য কৰে খিলঞ্জীয়া মুছলমান লোকসকলৰ দ্বাৰা গঠিত মাজদিয়া-গৰেমাৰী-গাদেশালী পাম-দৌলাশাল সমন্বয় সমিতিয়ে ৷

লগতে পঢ়ক :Illegal Encroachment in Rongsai bil: ঐতিহাসিক ৰংচাই (লংচাই) বিলত অবৈধ বেদখল

ABOUT THE AUTHOR

...view details