ETV Bharat / state

অবৈধ বেদখলকাৰীৰ কৱলত গোৱালপাৰাৰ চৰকাৰী ভূমিৰ জলাশয়

author img

By

Published : Apr 20, 2022, 10:10 PM IST

Illegal encroachment on government land in Goalpara
কৃষ্ণাইৰ চৰকাৰী খাজ ভূমি দখলৰ অভিযোগ

গোৱালপাৰাৰ মালাধৰাৰ পিছত এইবাৰ বাণিজ্য চহৰ কৃষ্ণাইৰ চৰকাৰী খাজ ভূমি দখলৰ অভিযোগ (Illegal encroachment on government land in Goalpara) । জলাশয়-পিতনিত মাটি পেলাই বেদখলকাৰীৰ গৃহ নিৰ্মাণ(Encroachments in water bodies at Goalpara) । বেদখলকাৰীক শীঘ্ৰে উচ্ছেদ কৰাৰ দাবী কৃষ্ণাইৰ একাংশ সচেতন ৰাইজৰ ৷

গোৱালপাৰা, 20 এপ্ৰিল : গোৱালপাৰা জিলাত পূৰ্ণগতিত অব্যাহত আছে বেদখল কাৰ্য(Illegal encroachment on government land in Goalpara) । দুদিন পূৰ্বে জিলাখনৰ ৰংচাই আৰক্ষী চকীৰ অন্তৰ্গত মালাধৰাত বেদখলকাৰীয়ে নিশাটোৰ ভিতৰতে বস্তি নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ পিচত এইবাৰ জিলাখনৰ বাণিজ্যিক ব্যস্ত চহৰ কৃষ্ণাইৰ পাৰ্শ্বৱতী এলেকাৰ চৰকাৰী ভূমিৰ জলাশয়, পিতনিবাৰীত অবাধ গতিৰে বেদখল কাৰ্য চলাৰ অভিযোগ তুলিছে চহৰখনৰ একাংশ সচেতন ৰাইজে ।

Illegal encroachment on government land in Goalpara
অবৈধ বেদখলকাৰীৰ কৱলত গোৱালপাৰাৰ চৰকাৰী ভূমিৰ জলাশয়

ৰাজ্যখনৰ বেদখলী ভূমিত চৰকাৰে বেদখল মুক্ত (Government's drive to free encroachment) কৰাৰ বাবে অভিযান চলোৱাৰ সময়তে গোৱালপাৰা জিলাত বিভিন্ন অঞ্চলত অবাধে চলা বেদখল কাৰ্যই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে । অভিযোগ অনুসৰি, কৃষ্ণাই চহৰৰ পাৰ্শ্বৱতী এলেকা দায়ৰং জোৰাৰ পৰা ঘাকদোৱা হৈ চকুধোঁৱা লৈ বৃহত্তৰ এলেকাৰ জলাশয় পিতনিবাৰীৰ চৰকাৰী অধিকৃত খাজ ভূমিৰ লগতে কৃষ্ণাই আৰক্ষী থানাৰ পূৱ দিশৰ পৰা আৰক্ষী থানাৰ পাছফালেদি যোৱা জলাশয়ত চলিছে অবৈধ বেদখল ।

পিতনিবাৰীৰ খাজ ভূমিক একাংশ বেদখলকাৰীয়ে কোনো বৈধ অনুমতি নোলোৱাৰ লগতে ভূমিৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ মাটি পেলাই ঘৰ-দুৱাৰ সাজি নিৰ্মাণ কাৰ্যৰে অবাধে বেদখল অব্যাহত ৰাখিছে । পিতনিবাৰীত মাটি পেলাই ঘৰ দুৱাৰ নিৰ্মাণ কৰাৰ ফলতেই বাৰিষা কালত সামান্য বৰষুণতেই কৃষ্ণাই চহৰখনত কৃত্ৰিম বান সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

কৃষ্ণাইৰ সচেতন লোক

উল্লেখ্য যে, প্ৰায় ছয় বছৰ পূৰ্বে এইসকল বেদলকাৰীক চৰকাৰীভাৱে উচ্ছেদ কৰা হৈছিল যদিও পুনৰাই এই লোকসকলৰ উপৰিও অঞ্চলটোলৈ নতুনকৈ প্ৰব্ৰজন হোৱা একাংশ নতুন লোকে পূৰ্ণগতিত চৰকাৰী ভূমি বেদখল কাৰ্য চলাই আহিছে । খিলঞ্জীয়াৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বেদখলকাৰীক অতি শীঘ্ৰে উচ্ছেদ কৰি চহৰখনত বসবাস কৰা স্থায়ী বাসিন্দাক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰৰ ওচৰত দাবী তুলিছে কৃষ্ণাই অঞ্চলৰ একাংশ সচেতন ৰাইজে ।

লগতে পঢ়ক : গুৱাহাটীৰ সংৰক্ষিত বনাঞ্চলত চকু বেদখলকাৰীৰ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.